Site icon Guwahati Times

কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন আৰু মধ্যকালীন অধিৱেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত অন্যতম শাখা কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ তৃতীয় প্ৰতিষ্ঠা দিৱসটি যোৱা ১৩ জুলাইত উদযাপনৰ লগতে ২০২১-২০২৩ কাৰ্যবৰ্ষৰ মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত হৈ যায় । সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই।

ইয়াৰ পাছতে বন্তি প্ৰজ্জ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে সুৰকান্ত বৰা আৰু দিবেন্দ্ৰ নাথে । দিনৰ এঘাৰ বজাত অনুষ্ঠিত আজীৱন সভ্যৰ সন্মিলন সঞ্চালনা কৰে যাদৱ চন্দ্ৰ ফুকনে । আজীৱন সভ্যৰ সন্মিলনত উপস্থিত সদস্যসকলে অংশ গ্ৰহণ কৰে অন্তৰংগ আলাপত । ইয়াৰ পাছতে বিয়লি ২ বজাৰ পৰা মুকলি সভা আৰু কবিতা পাঠৰ অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমান,উপ-সভাপতি অনিৰূদ্ধ ডেকা,সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জিলা উপ-সভাপতি ভৱেন চন্দ্ৰ নাথ আৰু প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় মনোজ কুমাৰ দেওৰজা আৰু চন্দন গোস্বামী, জিলা সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া,প্ৰচাৰ সম্পাদক জয়ন্ত সাগৰ শইকীয়া, জিলা উপদেষ্টা দেৱেন দাস আৰু জিলা সাংগঠনিক সম্পাদক ভৰত কুমাৰ নাথ।

শাখাৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই সঞ্চালনা কৰা মুকলি সভাখনিৰ কবিতা পাঠৰ অনুষ্ঠানটো সঞ্চালনা কৰে অনিৰূদ্ধ ডেকা আৰু ভৱেন চন্দ্ৰ নাথে। জিলা সম্পাদক মাধৱ চন্দ্ৰ ডেকা,শাখাৰ সম্পাদক পাৰ্থ প্ৰতিম বৰা আৰু শাখাৰ সহকাৰী সম্পাদক কৃষ্ণ কান্ত ডেকাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত বিশিষ্ট অতিথিসকলে কবিতা বিষয়ক ভাষণ প্ৰদান কৰে । মুকলি সভাতে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ কাব্য পত্ৰিকা “গুঞ্জৰিত কপাহেৰা”ৰ চতুৰ্থ সংখ্যাটো আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা উন্মোচন কৰা হয় । তীৰ্থ নাথ বৰুৱাৰ দ্বাৰা সম্পাদিত এই সংখ্যাটোৰ উন্মোচনী ভাষণ প্ৰদান কৰে আবুল হাছেম আল আমানে । হৰ্ষৰাজ ডেকাই বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা মুকলি সভাখনিত অঞ্চলটোৰ কাব্যপ্ৰাণ বিশিষ্ট ব্যক্তি যাদৱ চন্দ্ৰ ফুকন, সুৰকান্ত বৰা,মাঘৰাম দেউৰী, নিখিল ৰঞ্জন গোস্বামী,দিবেন্দ্ৰ নাথ,কল্পনা বৰা,চুমি কপাহেৰা, প্ৰহ্লাদ লাহন,দীপ সংগীত বৰুৱা, তীৰ্থ নাথ বৰুৱা আদিৰ উপস্থিত থাকে। অনুষ্ঠানত গীত পৰিবেশন কৰে প্ৰহ্লাদ লাহন,কৃষ্টিবন ডেকা,হৰ্ষৰাজ ডেকা আৰু তনুশ্ৰী ডেকাই ।

বাদ্যযন্ত্ৰত সহায় কৰে পৱিত্ৰ শইকীয়া,সীমান্ত ডেকা, হোমেন ডেকা আৰু তনুশ্ৰী ডেকাই । ইয়াৰ পাছতে বিশিষ্ট কবি,শিল্পী অনিৰুদ্ধ ডেকাৰ সঞ্চালনাত কবিতা পাঠৰ অনুষ্ঠানটিত সন্ধ্যা মজুমদাৰ,অঞ্জলী বৰা,অচ্যুত কৃষ্ণ শইকীয়া,পুলক চন্দ্ৰ বৰদলৈ, দীপাংকৰ নাথ,নিভাৰাণী বৰা, শৰ্মিষ্ঠা বৰা,ইন্দ্ৰজিৎ বৈশ্য,দণ্ডি ডেকা,অৰ্চনা ডেকা,অনামিকা বড়া,দৰ্শনা দেৱী,গংগা দেৱী, মৌচুমী ডেকা,গৰিমা ডেকা,দুলু মণি শইকীয়া,জ্যোতি ডেকা,ৰ’জি ডেকা,শিশু কবি কুমকুম কুঁৱলী বৰুৱা,কৃষ্টিবন ডেকা,তনুশ্ৰী ডেকা, হৰ্ষৰাজ ডেকা,হিমঘ্ন বৰা,বৰ্ণিল প্ৰিয়ম ডেকা,পৰাণবন্তি ডেকা আৰু সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা পাঠ কৰে । কবিতা পাঠৰ অনুষ্ঠানটিত সহযোগী সঞ্চালক হিচাপে অনুষ্ঠানটো পৰিচালনা কৰে ভৱেন চন্দ্ৰ নাথে । অনুষ্ঠানত অংশগ্ৰহণকাৰীসকললৈ শাখাই
একোখনকৈ শুভেচ্ছা পত্ৰ আগবঢ়ায় । অনুষ্ঠানৰ অন্তত কাব্য মন্ত্ৰ পাঠেৰে সামৰণি পৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version