Site icon Guwahati Times

শ্ৰীৰামপুৰৰ অনাথ আশ্ৰমৰ পৰিচালক তথা কৃষ্ণ মিত্ৰ ছ’চায়টিৰ অধ্যক্ষ কৃষ্ণ মুৰ্ম্মূৰ অকাল বিয়োগ


কোকৰাঝাৰ জিলাৰ চাওঁতাল কলোনীৰ শ্ৰীৰামপুৰৰ অনাথ আশ্ৰমৰ পৰিচালক তথা কৃষ্ণ মিত্ৰ ছচায়টিৰ অধ্যক্ষ কৃষ্ণ মুৰ্ম্মূৱে ১৯৮৪ চনত কৃষক পৰিয়ালত জন্ম গ্ৰহন কৰে। মুৰ্ম্মূৱে আদিবাসী যুদ্ধবীৰতি সংগঠন আদিবাসী কোব্ৰা মিলিটাৰীত অৱ অসম চমুকৈ আকমাৰ সক্ৰিয় সদস্য আছিল। ২০১৭ চনৰ পৰা নিজ প্ৰচেষ্টাত সমাজৰ দৰিদ্ৰপীড়িত পিতৃ-মাতৃহীন তথা সমাজৰ অৱহেলিত শিশুক নিৰাপদ আশ্ৰয় দিয়াৰ দায়িত্ব লৈ অনাথ আশ্ৰম খন পৰিচালনা কৰিছিল।

যোৱা মঙ্গলবাৰে উক্ত ৰক্ত চাপজনিত ৰোগত আক্ৰান্ত হৈ গোসাইগাওঁ মহকুমা আৰ এন বি চিভিল হস্পিতালত ভৰ্তি কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰিছিল কোকৰাঝাৰৰ পৰা কোচবিহাৰ হস্পিতালত লৈছিল যদিও শেষ নিশ্বাস ত্যাগ কৰে।আজি নিজ বাস গৃহত অন্তিম সংস্কাৰৰ বাবে আদিবাসী যুদ্ধবীৰতি সংগঠন আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখা,প্ৰচাৰ সম্পাদক বীৰভানটা কিস্কু আৰু আপাৰ সাধাৰণ সম্পাদক ৰাহুল মুৰ্ম্মূ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা উপ সভাপতি কৰ্ণেলিউছ হাসদা,আছা চাওঁতাল কলোনী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বুদ্ধিৰাম হেম্ব্ৰম লগতে বহু সংখ্যক লোক উপস্থিত থাকে।

Exit mobile version