Site icon Guwahati Times

লখিমপুৰত উটখাৰ( UTKHA) উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা

লখিমপুৰৰ এটা বেচৰকাৰী সংস্থা উটখাৰ তত্বাৱধানত আৰু গুৱাহাটীৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু মডেলিঙৰ সৈতে জড়িত প্ৰতিষ্ঠান SPARK ৰ সহযোগত “উত্তৰ-পূব নেক্সট টপ মডেল” শীৰ্ষক এখন সৌন্দৰ্য্য প্ৰতিযোগিতা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰে  ।

প্ৰতিযোগিতাখনত পাঁচটা শাখাত -ক্ৰমে  কিডছ,টিন,মিছ, মিষ্টাৰ আৰু মিচেছ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ  অন্যান্য ৰাজ্যৰ পৰা অহা আশীৰো অধিক প্ৰতিযোগীয়ে ভাগ লয় ।প্ৰতিযোগিতাত  শিলচৰকে ধৰি পূব, বদৰপুৰ,হাফলং, তিনিচুকীয়া, অৰুণাচল প্ৰদেশ, আগৰতলা, শিলচৰ আদিয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰে। অসমীয়া চিনেমাৰ ফেশ্বন ডিজাইনাৰ দিপ্লু হাজৰিকা, মিষ্টাৰ অসম-২০২১ মানশ কেৱাট আৰু মিছ অসম-২০১৭ কৰীনা ভূঞাই বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। মডেল তৃষ্ণই আঁত ধৰা এই অনুষ্ঠান উদ্বোধন কৰে লখিমপুৰৰ  জ্যেষ্ঠ নাগৰিক ভানু বুঢ়াগোহাঁইয়ে ।

আজি উত্তৰ লখিমপুৰ চহৰৰ হোটেল এ-এণ্ড এ-২ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বার্তালাপত পাৰস্পৰিক ক্ৰিয়া-কলাপত মডেল তথা অনুষ্ঠানৰ আহ্বায়ক  তৃষ্ণা শইকীয়াই  প্ৰতিযোগিতাখনৰ বিজয়ীসকলে প্ৰত্যক্ষভাৱে  আগন্তুক দিনত হ’বলগীয়া উত্তৰ-পূব মডেল কন পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব বুলি কয়। স্পাৰ্কৰ পৰিচালন সঞ্চালক ৰিজু মিলাৰ, আয়োজক মোজবিন আৰা ৰছুল, আৰু মৰিগাঁৱৰ সহ-আয়োজক বিষ্ণু কোচেও সংবাদ মাধ্যমৰ সৈতে প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ।

Exit mobile version