Site icon Guwahati Times

গুজৰাটৰ ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ লখিমপুৰৰ দুই শিক্ষাৰ্থী নিৰ্বাচিত

ইণ্ডিয়ান ইয়ঙ ইনভেটৰ্চ এণ্ড  ইনভেটৰ্চ চেলেঞ্জত অংশগ্রহণ কৰি  লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খোজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই শিক্ষার্থী ক্রমে উপাসনা বৰুৱা আৰু অলি চাবুকধৰা নামৰ দুই শিক্ষার্থীয়ে Food and Nutrition বিষয়ৰ লগত সংগতি ৰাখি ভীমকলৰ পৰা অভিনৱ কৌশলেৰে গুড় প্রস্তুত কৰি ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ  নির্বাচিত হৈছে।

উল্লেখ যে চলিত মাহৰ ২৭-২৮ মে’ত গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতালৈ নির্বাচিত ১৭টা আৱিষ্কাৰক আৰু উদ্ভাৱক দলৰ ভিতৰত তেওঁলোক অন্যতম। তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায়-সহযোগিতা আগবঢ়াইছিল তেওঁলোকৰ শিক্ষাগুৰু তথা খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা যজ্ঞোৰাম বৰাই। আঞ্চলিক পর্যায়ৰ এই পূব ভাৰতীয় প্ৰতিযোগিতাত পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, ঝাৰখাণ্ড, ত্ৰিপুৰা,আন্দামান নিকোবৰ  দ্বীপপুঞ্জৰ উদ্ভাৱক আৰু আবিষ্কাৰক সকলে অংশগ্রহণ কৰিব ।

লখিমপুৰ জিলাৰ এই দুই শিক্ষার্থীৰ এই সাফল্যত আজি লখিমপুৰ জিলা  উপায়ুক্ত সুমিত সাত্তাবন আৰু, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই শিশু বিজ্ঞানী দুগৰাকীক সম্বৰ্ধনা জনায় জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত । আনহাতে আজি দুই গৰাকী শিক্ষাৰ্থীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱতো সম্বৰ্ধনা জনোৱা হয় । প্ৰেছ ক্লাৱত প্ৰেছ ক্লাৱৰ বিষয় ববীয়া, সদস্য সকলে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ।

Exit mobile version