Site icon Guwahati Times

চলিত বৰ্ষতে লখিমপুৰ মেডিকেল কলেজত হ’ব নামভৰ্তিঃ

২০২২ চনৰ জুন মাহত সমগ্ৰ অসমতে মুলি হ’ব ১৩ খনকৈ কেন্সাৰ হস্পিতেল:মুখ্যমন্ত্রী

 

ধেমার্জিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি আজি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰে। নতুন মেডিকেল কলেজ প্রাঙ্গনত তেওঁ এজোপা গছপুলি ৰূপণ কৰি সভাকক্ষত উপস্থিত হৈ চিকিৎসক, নাৰ্চ, অধীক্ষকৰ লগত এখন বৈঠকত মিলিত হয়।

আজি মুখ্যমন্ত্রী জনে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি কয় যে চলিত বৰ্ষতে এই কলেজখনত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। পুৰনা চিকিৎসালয়খনৰ সকলো ৰোগীক নতুন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰো নির্দেশ দিয়ে। ২০২২ চনৰ জুন মাহত ৰাজ্যৰ অন্যান্য ১২ খন কেন্সাৰ হস্পিতIলৰ লগতে নির্মিয়মান লখিমপুৰ কেন্সাৰ  হস্পিতIল খনো একেলগে মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্রীজনে ঘোষণা কৰে। আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীজনক সংগ দিয়ে মন্ত্রী কেশব মহন্ত, সাংসদ প্ৰদান কৰবা, বিধায়ক মানব ডেকা, নৱ দলে আদিয়ে।

Exit mobile version