Site icon Guwahati Times

আমেৰিকাত সৰ্ববৃহৎ হিন্দু মন্দিৰ মুকলি; ১৮৫ একৰ ভূমিত নিৰ্মাণ স্বামীনাৰায়ণ অক্ষয়ধাম মন্দিৰটো

আমেৰিকা যুক্তৰাষ্ট্ৰৰৰ নিউ জাৰ্চি চহৰত নিৰ্মাণ কৰা বিশ্বৰ দ্বিতীয়টো সৰ্ববৃহৎ মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল

নিউ জাৰ্চিৰ নিৰ্মাণ কৰা স্বামীনাৰায়ণ অক্ষয়ধাম মহামন্দিৰৰ চৌহদ ১৮৫ একৰ ভূমিত বিস্তৃত। এই মন্দিৰটোৰ নিৰ্মাণৰ বাবে ২০১৪ত ভূমিপূজন কৰা হৈছিল।

অৱশ্যে ২০১২তে মন্দিৰৰ নিৰ্মাণৰ পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছিল। ১২ বছৰৰ নিৰ্মাণ কাৰ্যৰ পাছত অক্ষয়ধাম মহামন্দিৰ আনুষ্ঠানিকভাৱে ভক্তৰ বাবে মুকলি কৰা হ’ল।

এই মন্দিৰ নিৰ্মাণত অংশ লৈছিল ১২,৫০০ ৰো অধিক স্বয়ং সেৱকে। প্রসংগত উল্লেখ্য যে কম্বোডিয়াৰ অংগক’ভাট হৈছে বিশ্বৰ সৰ্ববৃহৎ মন্দিৰ আৰু ইয়াৰ পাছতে আমেৰিকাত নিৰ্মাণ কৰা হ’ল দ্বিতীয়টো সৰ্ববৃহৎ হিন্দু মহামন্দিৰ ৷

Exit mobile version