Site icon Guwahati Times

১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ! লোভনীয় প্ৰস্তাৱ নাকচ কৰি কৈছিল লতাজীয়ে

 লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে।
মুম্বাইত অনুষ্ঠিত প্ৰথম ‘লতা দীননাথ মংগেশকাৰ’ বঁটা প্ৰদান অনুষ্ঠানত আশা ভোচলেই এই কাহিনীটো প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে এবাৰ বিয়া এখনত গান গোৱাৰ প্ৰস্তাৱ আহিছিল লতা মংগেশকাৰলৈ। তাত গান গোৱাৰ বিনিময়ত লতাজীক বিশাল পৰিমাণৰ ধন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই প্ৰস্তাৱ একেষাৰতে নাকচ কৰিছিল লতাজীয়ে। প্ৰস্তাৱটো নাকচ কৰি তেওঁ কৈছিল-”১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ, বেয়া নাপাব।”
উল্লেখ্য যে লতা মংগেশকাৰে সদায় কণ্ঠশিল্পীসকলৰ সন্মানৰ বাবে যুঁজ দি আহিছিল। লতা দিদিৰ প্ৰচেষ্টাৰ বাবেই গায়ক-গায়িকাসকলৰ নাম ৰেকৰ্ডত উল্লেখ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে গায়িকাগৰাকীয়ে গোৱা ‘আয়েগা আনাৱালা’ গানটোত গায়িকাগৰাকীৰ নাম উল্লেখ কৰা হৈছিল। তাৰপাছত পৰ্দাত থকা গায়ক-গায়িকাসকলৰ নাম তেওঁৰ প্ৰচেষ্টাতে যোগ দিয়া হৈছিল। পাছলৈ কণ্ঠশিল্পীসকলৰ ৰয়েল্টিৰ বিষয়টোও সকলোৰে দৃষ্টিগোচৰ কৰিছিল লতা মংগেশকাৰে।
সংগীত আছিল লতা মংগেশকাৰৰ ধ্যান। সেয়েহে তেওঁ ১০৪ ডিগ্ৰী জ্বৰ উঠাৰ পাছতো কামৰ পৰা ছুটি লোৱা নাছিল। ২০২২ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত সকলোকে কন্দুৱাই ‘নাইটিংগেল অৱ ইণ্ডিয়া’ লতা মংগেশকাৰে পৰলোকলৈ গমন কৰে।
Source: PragNews
Exit mobile version