Site icon Guwahati Times

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই

কোৰোণাই কাঢ়ি নিলে আন এগৰাকী নক্ষত্ৰক। ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল তেওঁক। আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা হয়।

লতা মংগেশকাৰক কোৰোণাত আক্ৰান্ত হোৱাৰ লগতে নিউমোনিয়াৰ বাবে ৮ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।

লতা মংগেশকাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা লাখ লাখ গুণমুগ্ধই তেওঁৰ দ্ৰুত আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল। হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল গায়িকাগৰাকীৰ। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত নিউমোনিয়াই দেখা দিছিল। বিগত কেইবাদিনো ধৰি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল সুৰ সম্ৰাজ্ঞাগৰাকী।

Exit mobile version