Site icon Guwahati Times

লিডু মালৌপাহাৰত নগা উগ্রপন্থী আটক

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এন এছ চি এন (আৰ)ৰ কৰ সংগ্ৰহক জেঠু হাখুন কৰায়ত্ব। আজি ১৮ নং গাড়োৱাল ৰেজিমেণ্টৰ দ্বাৰা চলোৱা এক অভিযানত লিডু মালৌপাহাৰৰ পৰা উগ্ৰপন্থী জনক কৰায়ত্ব কৰা হয় । সেনাই এটা পিষ্টল সহ তিনিজাই সজীৱ গুলি আৰু এটা মোবাইল উগ্ৰপন্থীজনৰ হাতৰ পৰা উদ্ধাৰ কৰে । দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলত এন এছ চি এনৰ উগ্ৰপন্থী জেঠু হাখুনে ধন সংগ্ৰহৰ জড়িয়তে সন্ত্ৰাস চলাই আহিছিল। উগ্ৰপন্থীজনক ইতিমধ্যেই সেনাই আৰক্ষীক চমজাই দিছে বুলি সূত্ৰত প্ৰকাশ।

Exit mobile version