Site icon Guwahati Times

ৰক্তশৰ্কৰা নিয়ন্ত্রণত ৰাখিবলৈ ৰোগীয়ে খাবলগা বিশেষ পাচলিবিধ

সকলোৱে নিশ্চয় তিয়ঁহৰ চালাড খাই পাইছে। তিয়ঁহ সাধাৰণতে প্ৰতিটো ঋতুতে খোৱা হয়। তিয়ঁহ খালে শৰীৰ সতেজ হয় আৰু ই পেট শীতল কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে তিয়ঁহৰ লগতে ইয়াৰ বীজবোৰো পুষ্টিৰে সমৃদ্ধ। ইয়াত এণ্টিঅক্সিডেণ্ট, খনিজ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে, যি ছাল আৰু চুলিৰ বাবেও যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াক আহাৰৰ সৈতে সদায়ে খালে ওজন নিয়ন্ত্রণত ৰখাত সহায় কৰে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে, কিন্তু খুব কম লোকেহে জানে যে তিয়ঁহ খালে শৰীৰৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত থাকে।

তিয়ঁহ খোৱাৰ বিশেষ উপকাৰিতাসমূহঃ

~ সকলোৱে আহাৰৰ সৈতে তিয়ঁহ অন্তৰ্ভুক্ত কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ডায়াবেটিছ ৰোগীসকলে নিয়মীয়াকৈ তিয়ঁহ খালে উপকৃত হ’ব। ইয়াক খোৱাৰ ফলত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকিব। কোনোবাই ইচ্ছা কৰিলে চালাড হিচাপেও তিয়ঁহ খাব পাৰে।

~ ডায়াবেটিছ ৰোগীৰ উপৰিও, মুখৰ দাগ অথবা আন সমস্যাত ভুগি থকা লোকসকলেও তিয়ঁহ খাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কৈছে যে তিয়ঁহৰ বীজ সৌন্দৰ্যৰ ক্ষেত্ৰত অতি উপকাৰী। ইয়াৰ নিয়মীয়া ব্যৱহাৰে চানবাৰ্ণ, শুকান ছাল আৰু টেনিংৰ সমস্যাৰ পৰা সকাহ দিয়ে।

~ তিয়ঁহ চকুৰ স্বাস্থ্যৰ বাবেও ভাল বুলি গণ্য কৰা হয়। ইয়াৰ ব্যৱহাৰে দৃষ্টিশক্তি উন্নত কৰে আৰু ইয়াক কাটি চকুত ৰাখি, ডাৰ্ক চাৰ্কল আঁতৰ কৰিব পাৰি। ই ভাগৰ হ্ৰাস কৰে আৰু চকুক প্ৰাকৃতিকভাৱে সকাহ দিয়ে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version