Site icon Guwahati Times

স্মৃতিশক্তি বঢ়াবলৈ আহাৰত অন্তৰ্ভুক্ত কৰিব লগা বিশেষ খাদ্যবস্তুবোৰ…….

আহাৰত কিছুমান বিশেষ খাদ্যবস্তু অন্তৰ্ভুক্ত কৰি স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। বৰ্তমান সময়ত বহুলোকে স্মৃতিশক্তি তীক্ষ্ণ কৰিবলৈ বহুতো ঔষধ গ্ৰহণ কৰে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। এনে পৰিস্থিতিত, ঔষধ গ্ৰহণ কৰা পৰিহাৰ কৰা উচিত।

স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ খাবলগীয়া বস্তুবোৰঃ

~ কাঠবাদাম

কাঠবাদামত পুষ্টি থাকে। একে সময়তে, ভিটামিন বি৬, ভিটামিন ই-ৰ দৰে উপাদানবোৰ বাদামত পোৱা যায় যি মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। আনহাতে, কাঠবাদামত আঁহ আৰু প্ৰ’টিন থাকে, যি পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰাখে আৰু ভোক নিয়ন্ত্ৰণ কৰে। কাঠবাদাম খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি নহয়।

~ আখৰোট

আখৰোটে মগজুৰ বাবে চুপাৰফুডৰ দৰে কাম কৰে। আখৰোটত পোৱা অমেগা-৩ এচিড, যাক আলফা লিনোলেনিক এচিড বুলি কোৱা হয়, স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ কাম কৰে। কেৱল এয়াই নহয়, আখৰোট খোৱাৰ ফলত হাড় শক্তিশালী হয়।

~ ফ্লেক্সচিড আৰু ৰঙালাওৰ বীজ

ফ্লেক্সচিড আৰু ৰঙালাওৰ বীজত ভিটামিন কে, এ, চি, বি ৬, আইৰণ, জিংক আদি পোৱা যায়। যি স্মৃতি শক্তি বৃদ্ধি কৰা কাম কৰে। ইয়াক বিভিন্ন ধৰণে গ্ৰহণ কৰিব পাৰি।

~ কাজু

কাজুৱে স্মৃতিশক্তি উন্নত কৰে। প্ৰ’টিন, ভিটামিন চি আদিৰ দৰে পুষ্টি কাজুত প্ৰচুৰ পৰিমাণে পোৱা যায়। যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কাজু খালে পাচন তন্ত্ৰও শক্তিশালী হয়। আনহাতে, যদি সকলোৱে দৈনিক কাজু খাব পাৰে কৰে, তেন্তে স্মৃতি শক্তি তীক্ষ্ণ হৈ পৰিব।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version