Site icon Guwahati Times

এদিনত ৩ কাপতকৈ অধিক চাহ খোৱাৰ ফলত হ’ব পৰা সমস্যাসমূহ…

ভাৰতত চাহ প্ৰেমীৰ কোনো অভাৱ নাই, ইয়াৰ অবিহনে বহুলোকৰ দিনটোৰ আৰম্ভনি নহয়। মানুহে পুৱা চাহ নোখোৱাকৈ দিনটোৰ আৰম্ভনি কৰিব নোৱাৰে, কিয়নো পুৱা চাহ কাপ খোৱাৰ পিছত মুৰৰ বিষ আৰু ভাগৰৰ সন্মুখীন আদিৰ পৰা সকাহ দি শৰীৰটোক সতেজ কৰি তোলে। কিন্তু কিছুমান লোকৰ চাহ খোৱাৰ এক অদ্ভুত অভ্যাস আছে, তেওঁলোকে পুৱাৰ পৰা সন্ধিয়ালৈকে বহুকাপ চাহ খায়, যদিও এনে লোকসকলে বুজিব লাগে যে অত্যাধিক চাহ খোৱাৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

সকলোৱে জানে যে চাহত কেফেইন থাকে, যাক স্বাস্থ্যৰ বাবে ইমান ভাল বুলি গণ্য কৰা নহয়। অৱশ্যে, ই চাহ পাতৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে, কোনটো ব্ৰেণ্ডত কিমান কেফেইন থাকিব। সাধাৰণতে একাপ চাহত প্ৰায় ৬০ মিগ্ৰা কেফেইন থাকে। ইয়াৰ মতে, এদিনত ৩ কাপতকৈ অধিক চাহ খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক হিচাপে প্ৰমাণিত হ’ব পাৰে।

অধিক চাহ খোৱাৰ ফলত হ’ব পৰা সমস্যাসমূহঃ

~ আইৰণৰ অভাৱ

যদি মানুহে এদিনত ৪ বা তাতকৈ অধিক কাপ চাহ খায়, তেনেহ’লে এই পানীয়ত থকা টেনিন নামৰ উপাদানটিয়ে শৰীৰত আইৰণৰ ক্ষমতা হ্ৰাস কৰে। যিসকল নিৰামিষভোজী, তেওঁলোকে অত্যাধিক চাহ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

~ মুৰ ঘূৰোৱা

চাহত কেফেইনৰ পৰিমাণ অতি বেছি, যি মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ই মূৰ ঘূৰোৱাৰ কাৰণ হ’ব পাৰে। সেয়েহে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই অত্যাধিক চাহ খোৱা পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

~ বুকু জ্বলা-পোৰা কৰা

যদি মানুহে এদিনত ৫ ৰ পৰা ১০ কাপ চাহ খায়, তেনেহ’লে এচিডিটিৰ সমস্যা বৃদ্ধি হয়, যাৰ ফলত বুকু জ্বলা-পোৰা কৰাৰ দৰে সমস্যা হ’ব পাৰে। গতিকে এই অভ্যাস কিছু সাম কটাবলৈ চেষ্টা কৰিব লাগে।

~ টোপনিৰ অভাৱ

চাহে মানুহক সতেজতা প্ৰদান কৰে যাতে মানুহজনে দিনটোৰ প্ৰয়োজনীয় কামখিনি বিনা দ্বিধাই কৰিব পাৰে, কিন্তু যদি কোনোবাই নিয়মীয়া ব্যৱধানত একেৰাহে চাহ খাই থাকে, তেন্তে নিদ্ৰাহীনতাৰ সমস্যা হ’ব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version