Site icon Guwahati Times

বাৰে বাৰে পানী খোবাৰ পিছতো তৃষ্ণা নিবাৰণ নোহোৱাৰ মূল কাৰণবোৰ

গ্ৰীষ্মকালত মানুহে নিজকে সতেজ আৰু সজীৱ কৰি ৰাখিবলৈ নিয়মীয়াকৈ পানী সেৱন কৰাই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়। গৰমৰ দিনত শৰীৰৰ পৰা যিমানেই ঘাম বাহিৰ নহওক বা শৰীৰটোৱে তাপ অনুভৱ নকৰক, তৃষ্ণা নিবাৰণৰ বাবে এক লিটাৰ পানী সেৱন খোৱাই পৰ্যাপ্ত। কিন্তু পৰ্যাপ্ত পানী সেৱন কৰাৰ পিছতো বহুসময়ত তৃষ্ণা নিবাৰণ নহয়, ইয়াৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে।

বহুলোকে তৃষ্ণা নিবাৰণৰ বাবে কেইবা গিলাচ পানী, বা ঠাণ্ডা ৰস আৰু শীতল পানীয় খোৱাৰ পিছতো ডিঙি অনবৰতে শুকাই থকাৰ দৰে অনুভৱ কৰে, তেতিয়া এনে পৰিস্থিতিক সহজভাৱে ল’ব নালাগে। কিয়নো ই বিপদজনক হ’ব পাৰে।

ইয়াৰ আঁৰৰ কাৰণবোৰ হ’লঃ

১. ডিহাইড্ৰেচন

ডিহাইড্রেচনৰ ফলত শৰীৰত যথেষ্ট পানীৰ অভাৱ হয়। এনে ক্ষেত্রত এক বা দুই গিলাচ পানী খালে তৃষ্ণা নিবাৰণ নহয়। ইয়াৰ সলনি ডিঙিটো অলপ অলপকৈ তিয়াই থাকিব লাগে।

২. মুখ শুকাই যোৱা

বহুলোকৰ মুখত সঠিক পৰিমাণত লেলাৱতি গঠন নহয়, যাৰ ফলত বাৰে বাৰে পানী খোৱাৰ পিছতো তেওঁলোকৰ মুখ শুকান আৰু তৃষ্ণাতুৰ অনুভৱ হয়।

৩. মধুমেহ

এইটো এটা এনে ৰোগ যাক বহুতো ৰোগৰ মূল কাৰণ বুলি কোৱা হয়। মধুমেহ ৰোগীৰ এটা ডাঙৰ সমস্যা হ’ল তেওঁলোকে অত্যাধিক তৃষ্ণা অনুভৱ কৰে।

৪. খাদ্যাভ্যাস

যদি কোনোবাই জাংক ফুড বা অত্যাধিক জলকীয়া আৰু মচলাযুক্ত খাদ্য খায়, তেনেহ’লে বাৰে বাৰে পিয়াহ অনুভৱ কৰাটো স্বাভাৱিক।

৫. ৰক্তহীনতা

শৰীৰত তেজৰ অভাৱক ৰক্তহীনতা বুলি কোৱা হয়, এই অৱস্থাত শৰীৰত লোহিত ৰক্ত কণিকাৰ অভাৱ হয়, যাৰ বাবে বাৰে বাৰে পানী খোৱা পিছতো পিয়াহ নপলায়।

Exit mobile version