Site icon Guwahati Times

ক’লা হৈ পৰা কাঁহ আৰু পিতলৰ বাচনবোৰ পৰিষ্কাৰ কৰি তোলাৰ উপায়

আপোনাৰ ঘৰত থকা ক’লা হৈ পৰা কাঁহ আৰু পিতলৰ বাচচানবোৰ যদি চাবোন বা চাৰ্ফ প্ৰয়োগ কৰিও পৰিষ্কাৰ কৰিব পৰা নাই তেন্তে এইবোৰ পদ্ধতি অৱলম্বন কৰক।

নেমুৰ সৈতে বেকিং চডা:

নেমুৰ ৰসৰ সৈতে বেকিং চডা মিহলাই লওক আৰু তাৰ পিছত কাপোৰেৰে সেই পেষ্টটো বাচন-বৰ্তনবোৰত প্ৰয়োগ কৰক। ইয়াক অলপ সময়ৰ বাবে এনেদৰে থৈ দিয়ক আৰু তাৰ পিছত গৰম পানীৰে ধুই পেলাব।

ভিনেগাৰ:

যদি আপোনাৰ ঘৰত নেমু নাই, আপুনি ভিনেগাৰেৰে পিতলৰ বাচন-বৰ্তন পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰ বাবে, প্ৰথমে পিতলৰ সামগ্ৰীৰ ওপৰত ভিনেগাৰ প্ৰয়োগ কৰক আৰু তাৰ পিছত সেইবোৰত নিমখ ঘঁহি দিয়ক। অলপ সময় থৈ দিয়ক আৰু তাৰপিছত গৰম পানীৰে ধুই পেলাওক।

নেমু আৰু নিমখ:

নেমুৰ ৰসত এক চামুচ নিমখ যোগ দিয়ক আৰু এই মিশ্ৰণটো পিতলৰ বাচনত ঘঁহি দিয়ক। এতিয়া সেইবোৰ গৰম পানীৰে ধুই পেলাওক।

তামোলৰ ৰস:

তামোলখিনি প্ৰায় ১৫ মিনিট মান পানীত তিয়াই ৰাখক আৰু তাৰ পিছত পিতলৰ মূৰ্তি বা বাচন-বৰ্তনত বোৰ সেই পানীৰে ঘঁহি দিয়ক। এইবোৰে আপোনাৰ লেতেৰা হৈ থকা পিতলৰ সামগ্ৰীক এক নতুন ৰূপ প্ৰদান কৰিব।

Exit mobile version