Site icon Guwahati Times

বৃক্ক পৰিষ্কাৰ কৰাৰ লগতে অতিকৈ উপকাৰী নেমুৰ ৩ বিধ বিশেষ চৰৱত

বৃক্কই তেজ পৰিষ্কাৰ কৰিবলৈ আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰিবলৈ কাম কৰে। কিন্তু কেতিয়াবা এই বিষাক্ত পদাৰ্থবোৰে বৃক্কৰ ক্ষতি কৰে আৰু বৃক্ক বিকল হৈ পৰাৰ দৰে গুৰুতৰ সমস্যা হয়। কিন্তু প্ৰতিদিনে নেমুৰ ৩ বিধ বিশেষ চৰৱত খাই, শৰীৰৰ এই বিশেষ অঙ্গটোক সুৰক্ষিত কৰি ৰাখিব পাৰি।

বৃক্কৰ মুখ্য কাম হৈছে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা শৰীৰৰ লেতেৰা আৰু তৰল আঁতৰ কৰা। ইয়াৰ উপৰিও, বৃক্কই মানৱ শৰীৰত নিমখ, পটাছিয়াম আৰু এচিডৰ পৰিমাণো নিয়ন্ত্ৰণ কৰে।

বিশেষ এক প্ৰতিবেদন অনুসৰি, দৈনিক ২ টা নেমুৰ ৰস খালে প্ৰস্ৰাৱৰ চাইট্ৰেট বৃদ্ধি হয় আৰু বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায়ক হয়। একে সময়তে, যিসকলে দৈনিক ২ ৰ পৰা ৩ লিটাৰ প্ৰস্ৰাৱ কৰে, তেওঁলোকৰ বৃক্কৰ পাথৰ হোৱাৰ সম্ভাৱনা কম।

বৃক্কৰ বাবে নেমুৰ বিশেষ চৰৱতঃ

~ পুদিনা আৰু নেমু চৰৱত

এগিলাচ পানীত নেমুৰ ৰস, পুদিনা পাত আৰু অলপ চেনী যোগ দি ইয়াক ভালদৰে মিহলি কৰক আৰু তাৰ পিছত এই বিশেষ চৰৱত খাই বৃক্কৰ সু-স্বাস্থ্য নিশ্চিত কৰক।

~ চডা পানী আৰু নেমু চৰৱত

নেমুৰ ৰস, জিৰা-ধনিয়া গুড়ি, চাট মচলা আৰু চডা পানী লৈ ভালদৰে মিহলি কৰক। এনেদৰে সদায়ে খালে বৃক্কৰ বাবে স্বাস্থ্য উন্নত হ’ব।

~ নাৰিকল আৰু নেমু চৰৱত

এই চৰৱত বনাবলৈ গিলাচ এটাত নাৰিকল পানী লৈ তাত নেমুৰ ৰস মিহলি কৰি খাওক আৰু বৃক্কৰ সৈতে জড়িত সমস্যাবোৰ আঁতৰত ৰাখক।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version