Site icon Guwahati Times

ঘৰুৱা উপায়েৰে দূৰ কৰক মুখৰ দাগ

এনে ক্ষেত্ৰত বজাৰৰ পৰা ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে-কোনো লাভ নাই।বৰঞ্চ ছালৰ অধিক ক্ষতি হব।ধুনীয়া আৰু নিখুঁট ছাল থাকিব বিচাৰিলে-নিজৰ বাবে-কিছু সময় উলিয়াব লাগে।

ই এক সহজ কথা।নামটো কঠোৰ যেন লাগিব পাৰ।কিন্তু নহয়।কাৰণ এই-CTM,ৰুটিনৰ অৰ্থ হৈছে-

Cleansing-Toning- Moisturizing.অৰ্থাৎ-যদি আপুনি দাগমুক্ত ছাল এখন পাব বিচাৰে-তেনেতে প্ৰথম অৱস্থাত এই তিনিটা পদ্ধতি মানি চলিব লাগে।ইয়াৰ ফলত আপুনি ব্ৰেমিছ ফ্ৰী আৰু গ্লোয়িং ছাল পাব।

দিনটোত অন্তত দুবাৰকৈ এই চি.টি.এম,ছালৰ যত্নৰ নিয়ম মানি চলক।এই ৰুটিনে ছালখন সুস্থ কৰি ৰাখে।ৰাতিপুৱা উঠিয়েই-এই নিয়ম নিয়ম মানি চলক।আৰু ৰাতি শুৱলৈ যাওঁতে-এনেদৰে ছালৰ যত্ন লোৱা উচিত।এনেদৰে নিয়মীয়াকৈ যত্ন ললে-আপোনাৰ ছালখন অতি সোনকালেই দাগ মুক্ত হব।

ৰাতিপুৱা সাৰ পোৱাৰ পাছত-মুখৰপৰা অতিৰিক্ত তেল আঁতৰাই দিব লাগে।নহলে-গোটেই দিনটো মুখ’খন আঠাযুক্ত হৈ থাকিব।এই তেলেতীয়া আপোনাৰ ছালৰ বাবে ক্ষতিকাৰক।ফলত-ব্ৰণকে ধৰি বিভিন্ন সমস্যা মুখত দেখা দিব পাৰে।ফেচ ক্লিনজাৰ ব্যৱহাৰ কৰক।ক্লিনজাৰ ব্যৱহাৰ কৰাৰ পাছত ঠাণ্ডা পানীৰে মুখ’খন ধুব লাগে।যদি আপোনাৰ ছাল-তেলেতীয়া হয়-তেন্তে,জেল ভিত্তিক ক্লিনজাৰ ব্যৱহাৰ কৰক।ই ছালখন সতেজ কৰি ৰাখিব-লগতে পৰিষ্কাৰ ছালৰ ভিতৰলৈ-অক্সিজেন সহজে গৈ পাব।

পৰিষ্কাৰ কৰাৰ পৰৱৰ্তী পদক্ষেপটো হল-টোনাৰ ব্যৱহাৰ কৰা।পৰিষ্কাৰ মুখত সদায় টোনিৰ ব্যৱহাৰ কৰিব লাগে।ই ছালখন ভাল কৰি তুলিব।ছালৰ আদ্ৰতা বজাই ৰাখিবলৈ টোনাৰৰ প্ৰয়োজন হয়।ই ছালক এক প্ৰকাৰৰ সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে।ইছালৰ পি-এইচ ভাৰসাম্য ৰক্ষা কৰে।টোনাৰে ছালৰ বহু সমস্যা সমাধান কৰে।টোনাৰ ব্যৱহাৰ কৰিবলৈ-কপাহী পেড লব লাগে।তাৰ পাছত-তাত টোনাৰ লগাই ছালত ব্যৱহাৰ কৰক।কিন্তু ছালত ঘঁহিব নালাগে।টোনাৰ হিচাপে-গোলাপ জল ব্যৱহাৰ কৰিব পাৰে।

সকলো ধৰণৰ ছালৰ বাবে-মইশ্ব’ৰাইজাৰ অতি প্ৰয়োজনীয়।বহুতে ভাবে যে-ছালখন তেলীয়া হলে-মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন ষাই।কিন্তু এইটো শুদ্ধ নহয়।প্ৰতিদিনে পুৱা ছিৰাম লগোৱাৰ পাছত মইশ্ব’ৰাইজাৰ লগাব লাগে।আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি মইশ্ব’ৰাইজাৰ নিৰ্বাচন কৰক।

Exit mobile version