Site icon Guwahati Times

পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

Young woman drinking water with lime in the morning

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়।

যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি জানিব লাগে যে- পানীৰ অভাৱৰ লক্ষণবোৰ কি?

১)ঘাম বাহিৰ নোহোৱা-

গ্ৰীষ্মকাল আহি পৰিছে।এনে পৰিস্থিতিত যদি মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ নহয়,তেনেহলে এয়া এক গুৰুত্বৰ সমস্যা হব পাৰে।এইটো এনে এটা লক্ষণ যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।কিয়নো ইয়াৰ অৰ্থ হৈছে যে মানুহজনৰ শৰীৰ হাইড্ৰেট নহয়।কিয়নো এনে?লোকৰ ঘাম নোলায়।

২/হৃদস্পন্দন বৃদ্ধি হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ হৃদযন্ত্ৰ দ্ৰুতগতিত স্পন্দন কৰিবলৈ লয়।শৰীৰত পানীৰ অভাৱৰ অৰ্থ হৈছে-তেজৰ পৰিমাণ কম হোৱা।যাৰ অৰ্থ হৈছে- মানুহৰ হৃদযন্ত্ৰই অধিক পাম্প কৰিব লগা হোৱা।গতিকে যদি কোনো কাৰণ নোহোৱাকৈ মানুহৰ হৃদযন্ত্ৰ অধিক হাড়ত স্পন্দন কৰিছে-তেন্তে ইয়াৰ প্ৰতি মনোযোগ দিব লাগে।

৩/ছালতো পৰিৱৰ্তন হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ ছালত যথেষ্ট প্ৰভাৱ পৰে।যদি মানুহে ৰ’দত নিজৰ মুখত চানষ্কীণ প্ৰয়োগ কৰে,তাৰ পাছতো ছাল শুান হৈ থাকে।তেনেহলে বুজি লওক যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।এনে পৰিস্থিতিত মানুহে অধিক পানী সেৱন কৰা উচিত।উন্নত স্বাস্থ্যৰ বাবে এদিনত কমেও ৮=৯গিলাচ পানী সেৱন কৰিব লাগে।

Exit mobile version