এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় ।
গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ বয়সৰ পাছতো, ওজন নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ।
(১) খোজ কঢ়া : এটা বয়সৰ পাছত, হঠাতে দৌৰিলে হাড়ৰ সংযোগস্থলত চাপ পৰিব পাৰে। আঘাত বা দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি হয়। কিন্তু খোজ কঢ়া তুলনামূলকভাৱে সুৰক্ষিত। খোজ কঢ়াটো এই বয়সত সৰ্বশ্ৰেষ্ঠ কাৰ্ডিঅ’ ব্যায়াম। প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।
(২) পাইলেটছ : যিকোনো আঘাতত আৰোগ্য হোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে পাইলেটছ । নিয়মীয়া পাইলেটছ কৰিলে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি হয় আৰু লগতে ডিঙি-পিঠিৰ বিষৰ দৰে সমস্যা হ্ৰাস হয়।
(৩) বডীৱেট ৱৰ্কআউট : এটা বয়সৰ পাছত অতি গধুৰ ওজন উঠোৱাৰ ক্ষমতা হ্ৰাস হয় । কিন্তু বডীৱেট ৱৰ্কআউট সুৰক্ষিতভাৱে কৰিব পাৰি। স্কোয়াট, লাঞ্জেছ বা ক্ৰাঞ্চ নিয়মীয়াকৈ কৰিব পাৰি।