Site icon Guwahati Times

সাৰ পাবলৈ নিয়মীয়াকৈ এলাৰ্ম ব্যৱহাৰ বিপদজনক

Native American woman turning off alarm

পুৱা টোপনিৰ পৰা সাৰ পাবলৈ বহুতেই এলাৰ্ম ব্যৱহাৰ কৰে৷ এলাৰ্ম নবজালৈকে নিশ্চিন্ত মনে শুই থকাটো বহুতৰে অভ্যাসত পৰিণত হৈছে৷ বহুতে সময়মতে সাৰ পাবলৈ ঘড়ীত এলাৰ্ম দিয়ে৷ আন কিছুমানে আকৌ মোবাইল ফোনত এলাৰ্ম দি ৰাখে৷ কিন্তু বহুতেই নাজানে যে এলাৰ্মৰ শব্দত টোপনি ভঙাটো শৰীৰৰ বাবে গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷
ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত পোৱা তথ্য মতে এলাৰ্মৰ শব্দত সাৰ পালে শৰীৰত ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে৷ বিশ্ববিদ্যালয়খনৰ গৱেষণাপত্ৰত উল্লেখ কৰা মতে, এলাৰ্মৰ শব্দই কেইবাটাও শাৰীৰিক সমস্যা মাতি আনে৷ উল্লেখ কৰা হ’ল এনে কেইটামান সমস্যা–

– যিসকলে টোপনিৰ পৰা সাৰ পাবলৈ নিতৌ এলাৰ্ম ব্যৱহাৰ কৰে তেওঁলোকৰ ডায়েবেটিচ হোৱাৰ আশংকা অধিক৷ গৱেষণা পত্ৰত উল্লেখ কৰা মতে যিমানেই কম টোপনি হয়, দেহত সিমানেই তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ এলাৰ্মৰ শব্দত হঠাৎ টোপনি ভাঙিলে এন্দ্ৰিনেলিন হৰমনৰ ক্ষৰণ বাঢ়ে৷ ফলত ৰক্তচাপ বৃদ্ধি পায়৷ পৰিণতিত হৃদৰোগৰ আশংকা আহি পৰে৷
– দৈনিক এলাৰ্মৰ শব্দত টোপনি ভাঙিলে অৱসাদ বাঢ়ে৷
– গভীৰ টোপনিৰ মাজতে হঠাৎ এলাৰ্মৰ শব্দ হ’লে টোপনি আধৰুৱা হয়৷ ইয়াৰ ফলত মস্তিষ্কৰ কাৰ্যক্ষমতা হ্ৰাস পায়৷
– এলাৰ্মৰ শব্দই হজমজনিত সমস্যা কৰিব পাৰে৷ তদুপৰি বাঢ়িব পাৰে এচিডিটিৰ সমস্যা৷
জাপানৰ নেশ্যনেল ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল হেলথে এলাৰ্ম ব্যৱহাৰ কৰা আৰু এলাৰ্ম ব্যৱহাৰ নকৰা একাংশ লোকক লৈ কৰা এক গৱেষণাত দেখা গৈছে যে যিসকলে সময়ত সাৰ পাবলৈ এলাৰ্ম ব্যৱহাৰ কৰে তেওঁলোকৰ ৰক্তচাপ আৰু হৃদস্পন্দন এলাৰ্ম ব্যৱহাৰ নকৰা সকলতকৈ বহু বেছি৷ তদুপৰি আমেৰিকাৰ মেডিকেল এছ’চিয়েশ্বনৰ জাৰ্ণালত প্ৰকাশিত তথ্য মতে গভীৰ টোপনিৰ পৰা যিসকলে হঠাৎ সাৰ পায় তেওঁলোকৰ স্মৃতি শক্তি, জ্ঞানীয় ক্ষমতা আৰু আনকি গণনা কৰাৰ দক্ষতা হ্ৰাস পায়৷

Exit mobile version