Site icon Guwahati Times

ভয়ংকৰ সপোনবোৰে কিয় আমনি কৰে আপোনাক! জানেনে কাৰণ কি, বিজ্ঞানে কয় ?

ৰাতি শুই থকা অৱস্থাত কিছুমান মানুহে ভয়ংকৰ বা বেয়া সপোন দেখা পায়। যাক দুঃস্বপ্ন বুলিও কোৱা হয়। বহু সময়ত এই কাৰণে টোপনি ভাঙি যায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এনে সপোন কিয় আহে। মনৰ লগত কিবা সম্পৰ্ক আছে নে বেয়া সপোনবোৰ কেৱল এনেই আহে? বিশেষজ্ঞসকলে কয় যে আমি দিনটোৰ ভিতৰত যিয়েই নাভাবি বা আমাৰ আশে-পাশে যিয়েই নহওক কিয়, সেইবোৰ সপোনত দেখা দিয়ে। অৰ্থ সপোন মগজুৰ কাৰ্য্যকলাপৰ এটা অংশ। য’ত আৱেগ আৰু স্মৃতিৰ একত্ৰীকৰণ হয়। অৰ্থাৎ ই মগজুৰ এক স্বাভাৱিক প্ৰক্ৰিয়া।

কিয় আহে ভয়ংকৰ সপোন?

বিজ্ঞানীসকলৰ মতে ভয়ংকৰ বা দুঃস্বপ্ন দেখাৰ আঁৰৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত। ইয়াৰ আগমনৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও মগজুৰ ওপৰত কৰা অধ্যয়নত এনে বহু কথা উন্মোচিত হৈছে যিয়ে দুঃস্বপ্নৰ সৃষ্টি কৰিব পাৰে। মানসিক উত্তেজনাও এনে সপোনৰ কাৰণ হ’ব পাৰে। যিসকল লোকে কৰ্মৰ প্ৰতি অধিক চিন্তা কৰে, তেওঁলোকৰ দুঃস্বপ্ন আনতকৈ বেছি হোৱা দেখা গৈছে। তেওঁলোকৰ জীৱনৰ বহু ডাঙৰ পৰিৱৰ্তন, আপোনজনৰ মৃত্যুৰ দৰে দুঃস্বপ্ন আহিব পাৰে।

দুঃস্বপ্নৰ সৈতে জড়িত চকুৰ দ্ৰুত গতিৰ টোপনিঃ

টোপনিৰ এটা পৰ্যায় ৰেপিড আই মুভমেণ্ট (REM)ৰ ফলত চকুৰ দ্ৰুত গতি, হৃদস্পন্দন অনিয়মিত আৰু উশাহ-নিশাহ বৃদ্ধি হ’ব পাৰে। হাৰ্ভাৰ্ডৰ গৱেষকসকলে কয় যে আৰ ই এমৰ (REM) সময় দীঘলীয়া হ’লে দুঃস্বপ্ন দেখা দিয়ে। ইয়াৰ আন বহুতো কাৰণ থাকিব পাৰে। মানসিক চাপ, উদ্বেগ, অনিয়মিত টোপনি, ঔষধ সেৱন, মানসিক বিকাৰ আদিও ভয়ংকৰ সপোন দেখাৰ কাৰণ হ’ব পাৰে। পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD)ও ইয়াৰ কাৰণ বুলি ধৰা পৰিছে।

পিটিএছডিৰ ফলত বিপদ বৃদ্ধি পাব পাৰে:

শাৰীৰিক নিৰ্যাতন, যৌন নিৰ্যাতন বা দুৰ্ঘটনাৰ পিছত দুঃস্বপ্ন দেখাটো একেবাৰে স্বাভাৱিক। পিটিএছডি ৰোগীৰ ক্ষেত্ৰত ইয়াৰ আশংকা অধিক দেখা গৈছে। মানসিক স্বাস্থ্যৰ ওপৰতো নিৰ্ভৰ কৰে। বাইপোলাৰ ডিছঅৰ্ডাৰ, ডিপ্ৰেছন বা স্কিজ’ফ্ৰেনিয়াৰ দৰে সমস্যাত ভুগি থকা লোকসকলে দুঃস্বপ্ন দেখাৰ সম্ভাৱনা বেছি। মানসিক চাপ হ্ৰাস কৰা কৌশল আৰু চিকিৎসা পদ্ধতিৰ দ্বাৰা দুঃস্বপ্নৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

Exit mobile version