Site icon Guwahati Times

সন্তানক কেনেকৈ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব

কিতাপ মানুহৰ পৰম বন্ধু। আগতে কোৱা হৈছিল- কিতাপ পঢ়াৰ সমান সহজ কাম নাই। কিন্তু সময়ৰ সলনিৰ লগে লগে হাতে হাতে আহি পৰিল ম’বাইল ফোন। মানুহে ম’বাইলতে সকলো বস্তু পোৱা হ’ল, হাতৰ মুঠিতে আহি পৰিল মনোৰঞ্জন জগতখন। যাৰ ফলত কিতাপ পঢ়াৰ আগ্ৰহত ব্যাঘাত জন্মিছে। তাৰ পাছতো কিতাপ পঢ়াৰ অভ্যাস ৰাখিবই লাগিব আৰু সন্তানকো এই অভ্যাস কৰাব লাগিব। কাৰণ কিতাপৰ বিকল্প একোৱে হ’ব নোৱাৰে। পাঠ্যপুথিৰ বাহিৰে আন কিতাপ পঢ়িলে শিশুৰ জ্ঞানৰ ভাণ্ডাৰ যিমান বাঢ়িব সিমানেই কল্পনা শক্তিও বিকশিত হ’ব। সন্তানক কেনেকৈ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব, চাওঁ আহক।

নিজে নিয়মিত কিতাপ পঢ়াৰ অভ্যাস কৰকঃ

আপুনি যি কৰে আপোনাৰ শিশুটিয়ে সেয়াই অনুসৰণ কৰে। দিনটোৰ এটা নির্দিষ্ট সময় কিতাপ পঢ়াৰ বাবে উলিয়াই লওঁক। আপোনাক পঢ়া দেখিলে সন্তানটিও উত্সাহিত হ’ব। শিশুটি খুব সৰু হ’লে সদায়ে ৰাতি টোপনি খেদোৱা সময়ত গল্পৰ কিতাপ পঢ়ি শুনাওঁক। সৰুৰ পৰাই সেই অভ্যাস গঢ়ি উঠিলে বয়স বঢ়াৰ লগে লগে কিতাপৰ প্রতি আসক্তি আৰু বাঢ়িব।

সঠিক কিতাপ বাছনি কৰকঃ

বহু সময়ত শিশুৱে কিতাপ পঢ়াৰ আগ্রহ হেৰুৱাই পেলোৱাৰ কাৰণ কিতাপবোৰ তেওঁলোকৰ বয়স উপযোগী নহয়। সেয়ে কোনখন কিতাপ সিঁহতৰ পক্ষে উপযোগী সেয়া আপুনি বাছনি কৰিব লাগিব। শিশুটি যদি চাৰি-পাঁচ বছৰৰ তলৰ বয়সৰ হয়,তেন্তে এনেকুৱা কিতাপ কিনিব য’ত এটা পৃষ্ঠাত তিনি-চাৰি শাৰীকৈ থাকে। শিশুৰ বাবে ৰঙীন কিতাপ কিনক। কিতাপত বেছি ছবি থাকিলে ভাল,কল্পনাশক্তি বাঢ়িব।

শিশুৰ মনত প্রশ্ন জাগ্রত কৰি ৰাখকঃ

শিশুৱে বয়সৰ লগে লগে আশ-পাশৰ সকলোবোৰ জানিব বিচাৰে। সিঁহতৰ চকুত থাকে হাজাৰ বিস্ময়, মনত উদয় হয় অজস্ৰ প্রশ্নৰ। সেই প্রশ্নবোৰৰ উত্তৰ আপুনি বুদ্ধিমত্তাৰে দিব লাগিব। এই উৎসুক মনক সহায় কৰিবলৈ সিঁহতক কিতাপৰ সৈতে জোৰাই দিব পাৰে।

একেটা গল্পকে বাৰে বাৰে পঢ়ি শুনাওঁকঃ

আপোনাৰ শিশুটিয়ে যদি একেটা গল্পই বাৰে বাৰে শুনিব বিচাৰে তেন্তে বাধা নিদিব। এই পন্থাৰে সিঁহতৰ স্মৃতিশক্তি বাঢ়ে। সিঁহতৰ শব্দ মুখস্থ কৰাতো সুবিধা হয়, শব্দভাণ্ডাৰ বাঢ়ে। আধালৈ গল্পটো কৈ বাকীখিনি সিঁহতক ক’বলৈ দিয়ক।

লাইব্রেৰীলৈ নিয়কঃ

শিশু অৱস্থাৰ পৰাই সন্তানক লাইব্রেৰীলৈ নিয়া অভ্যাস কৰক। বিভিন্ন ধৰণৰ কিতাপৰ সৈতে পৰিচয় কৰি দিয়ক। কেৱল গল্পৰ কিতাপেই নহয়, বিজ্ঞানভিত্তিক কিতাপেও তেওঁলোকৰ কিতাক পঢ়াৰ আগ্রহ বঢ়াব পাৰে।

কিতাপ উপহাৰ দিয়কঃ

এটা সময় আছিল যেতিয়া জন্মদিনত কিতাপ উপহাৰ দিয়া হৈছিল। শিশুৰ জন্মদিনত বেছি ভাগ অভিভাৱকে এতিয়া খেলনা উপহাৰ দিয়ে। কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব বিচাৰিলে শৈশৱৰে পৰা সন্তানৰ জন্মদিনত কিতাপ উপহাৰ দিয়া কৰক।

Exit mobile version