Site icon Guwahati Times

মদ্যপানৰ বাবে ডিমেনচিয়াৰ আশংকা

মস্তিষ্কৰ কোষ শুকাই যোৱাৰ সমস্যা বা ব্রেইন এ ট্রফি হোৱাৰ মূলতেই মদ্যপান। অধিক পৰিমাণে নিতৌ মদ্যপান কৰাৰ ফলত মস্তিষ্কৰ আকৃতি লাহে লাহে সৰু হ’বলৈ ধৰে।

সহজ অৰ্থত ক’বলৈ হ’লে শোটোৰা শোটোৰ হৈ পৰে। যেতিয়া মস্তিষ্ক শুকাবলৈ আৰম্ভ কৰে তেতিয়া আকৃতিৰো তাৰতম্য ঘটে। এনে হ’লে বুদ্ধি-বৃত্তিৰো বিকাশত বাধা জন্মে।

মস্তিষ্কৰ কোষ শুকাবলৈ আৰম্ভ কৰে। এনেদৰে মস্তিষ্কৰ কোষ ধ্বংস হোৱাৰ ফলত আৰম্ভ হয় ডিমেনচিয়া বা স্মৃতিভ্রংশ ৰোগ। এবাৰ যদি ডিমেনচিয়া আৰম্ভ হয় তেনেহ’লেই মৃত্যু পর্যন্ত সংগী হ’ব পাৰে।

কোনো ঔষধ বা চিকিৎসাৰে হৃত ঘুৰাই আনিব নোৱাৰি। ডিমেনচিয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়ালৈকে গবেষণা চলিয়ে আছে।

সাধাৰণতে এইবিধ ৰোগ বয়স্ক লোকৰ হয় যদিও যিমানেই মদ্যপায়ীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সিমানেই ডিমেনচিয়াত আক্রান্তৰো সংখ্যা বৃদ্ধি পাইছে।

ই সমগ্র বিশ্বৰে এক চিন্তাৰ বিষয়। ব্যৱহাৰৰ ক্ষেত্ৰতো ভালেখিনি পৰিৱৰ্তন হোৱা দেখা যায়। যিকোনো কথাতে তৎক্ষণাৎ খং কৰে।

অনবৰতে আনৰ স’তে খং কৰে। আনকি সামান্য কথাতেই মাৰধৰ কৰিবলৈ আগবাঢ়ে। আনৰ কথা সহ্য নকৰে। নিজৰ কথাটোৱেই একমাত্র শুদ্ধ বুলি ভাবে।

Exit mobile version