Site icon Guwahati Times

মহিলাসকলে অধিক হতাশাত ভোগে, সমীক্ষাই কৰিলে এই দাবী, কিন্তু কিয়? জানো আহক ইয়াৰ প্ৰকৃত কাৰণ…

Barcelona, Spain. Young owman in garden taking care of plants. Sevilla garden, patio sevillano, sevillian patio, take care of plants, meditation, breathing techniques, relax, escape, outdoor therapy, relax, stay at home

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গভীৰ সম্পৰ্ক ইতিমধ্যে বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষতকৈ মহিলাৰ বিষণ্ণতাৰ প্ৰৱণতা অধিক। ব্যক্তিগত
জীৱনৰ উত্থান-পতন, সম্পৰ্কৰ জটিলতা, ঘৰ আৰু কাৰ্যালয় দুয়োটা চম্ভালিলে শাৰীৰিকভাৱে
ক্লান্তিৰ সৃষ্টি হয়। সেই ক্লান্তিয়ে কেতিয়াবা মনটোক অধিক হতাশালৈ লৈ যায়। কিন্তু
মহিলাৰ হতাশাৰ কাৰণ কেৱল ব্যক্তিগত জীৱনৰ অস্থিৰতাই নহয়। স্বাস্থ্যজনিত কাৰণেও হতাশাত
ভোগা দেখা যায়।

 মহিলাৰ হতাশাৰ কাৰণ কি?

১. ঋতুঃ-মহিলাসকলৰ নিৰ্দিষ্ট বয়সৰ
পাছত ঋতুস্ৰাৱ নিজে নিজে বন্ধ হৈ পৰে। যাৰ বাবে ৰজোনিবৃত্তিৰ লগে লগে নাৰীৰ শৰীৰত নিঃসৰণ
হোৱা ভাল হৰম’নৰ যোগান বন্ধ হৈ যায়। প্ৰায় ২০ শতাংশ মহিলা ৰজোনিবৃত্তিৰ পাছত হতাশাগ্ৰস্ততাত
ভোগে। এই সময়ত শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা অতি কম। ফিল-গুড হৰম’ন নামেৰে জনাজাত চেৰ’টনিনৰ
নিঃসৰণো বন্ধ হৈ যায়। ফলত শাৰীৰিক ক্লান্তিৰ উপৰি তেওঁ মানসিকভাৱেও দুৰ্বল হৈ পৰে।
এই সময়ত মনৰ যত্ন ল’বলৈ চিকিৎসকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ পৰামৰ্শ দিয়ে। যিয়ে
শৰীৰত ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

 ২. শীতকালীন বিষণ্ণতাঃ-বহুতে শীতকালীন
বিষণ্ণতাক ‘শীতকালীন ব্লুজ’ বুলি জানে। সমীক্ষা অনুসৰি এই শীতকালত প্ৰতি ১০০গৰাকী মহিলাৰ
ভিতৰত ছয়গৰাকীয়ে গভীৰ হতাশাত ডুব যায়। আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ বিষণ্ণতা
বেছি। এই সমস্যা মূলতঃ শীতকালত সূৰ্যৰ পোহৰৰ অভাৱৰ বাবেই দেখা দিয়ে। গতিকে মনোবিজ্ঞানীসকলে
সূৰ্যৰ পোহৰত অধিক সংস্পৰ্শলৈ অহাৰ পৰামৰ্শ দিয়ে। ভিটামিন-ডি শৰীৰত প্ৰৱেশ কৰে। বিষণ্ণতা
বহু পৰিমাণে দূৰ কৰে।

 ৩. পৰ্যাপ্ত টোপনিৰ অভাৱঃ-শেহতীয়া
কিছু গৱেষণাৰ মতে বিশ্বৰ প্ৰায় ৪০ শতাংশ মহিলা অনিদ্ৰা ৰোগত আক্ৰান্ত হয়। কাৰ্যালয়,
কৰ্মৰ চাপ, ঘৰুৱা দায়িত্ব চম্ভালি মহিলাসকলে নিজৰ যত্ন খুব কম লয়। শৰীৰক অৱহেলা কৰাৰ
এটা ডাঙৰ উদাহৰণ হ’ল অপৰ্যাপ্ত টোপনি। অধ্যয়নত দেখা গৈছে যে বেছিভাগ প্ৰাপ্তবয়স্কৰ
হতাশাৰ অন্যতম মূল কাৰণ টোপনিৰ অভাৱ। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক গোটেই দিনটো ৭-৮ ঘণ্টা
টোপনিৰ প্ৰয়োজন।

 ৪. দীৰ্ঘদিনীয়া শাৰীৰিক সমস্যাঃ-বহু
মহিলাই বাতবিষ, কলেষ্টেৰল, ডায়েবেটিছ আদি সমস্যাত ভুগি থাকে। মানসিক ক্লান্তিও এই
শাৰীৰিক সমস্যাৰ পৰাই জন্ম হয়। খাদ্যই মনটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু যেতিয়া
এই ৰোগে ঠাই লয় তেতিয়া বহুতো প্ৰিয় বস্তু খোৱা বন্ধ হৈ যায়। ফলত মনৰ ওপৰতো প্ৰভাৱ
পেলাই খিংখিঙীয়া স্বভাৱৰ হৈ পৰে। সেইবাবেই ডায়েবেটিছ বা কলেষ্টেৰলৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত
ৰাখিবলৈ চেষ্টা কৰক।

Exit mobile version