Site icon Guwahati Times

ম’বাইল ফোনৰ বিপদজনক ৰেডিয়েশ্বনৰ পৰা কিদৰে সাৰিব…

girl on the phone with headache. Upset unhappy female talking on phone isolated grey wall background. Negative human emotion face expression feeling life reaction. Cellular mobile radiation concept

ম’বাইল ফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ৷ কিন্তু ম’বাইল ফোনৰ পৰা নিৰ্গত হোৱা ৰেডিয়েশ্বন যে স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিৰ কাৰণ হ’ব পাৰে সেয়া বহুতেই নাজানে৷ ম’বাইল ফোনত কল কৰাৰ সময়ত অৰ্থাৎ সিটো মূৰৰ ফোনটো ৰিং হোৱাৰ সময়তে এই ৰেডিয়েশ্বন আটাইতকৈ বেছি নিৰ্গত হয়৷ পিছে, ম’বাইল ফোনৰ ৰেডিয়েশ্বনৰ মাৰাত্মক ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল ম’বাইল ফোনৰ ৰেডিয়েশ্বনৰ ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায়–

[১] কল ৰিচিভ কৰাৰ পাছতহে ম’বাইল ফোনটো কাণৰ ওচৰলৈ আনক৷ কথা পতাৰ সময়ত পাৰিলে হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰক৷ এনে কৰিলে ৰেডিয়েশ্বনৰ ক্ষতিৰ পৰা কিছু হ’লেও ৰক্ষা পৰিব পাৰি৷ কথা পতাৰ সময়ত খোজ নাকাঢ়িব৷ দুৰ্বল নেটৱৰ্কত ৰেডিয়েশ্বন বেছি পৰিমাণে নিৰ্গত হয়৷ এনে সময়ত যিমান পাৰি কথা চমু কৰক৷

[২] শোৱাৰ সময়ত ম’বাইল ফোনটো মূৰৰ ওচৰত ৰাখিলে টোপনিৰ পৰিমাণ আৰু গভীৰতাত নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে শোৱাৰ সময়ত ফোনটো আঁতৰত ৰাখক৷

[৩] গাড়ীত বহি থকা অৱস্থাত ম’বাইল ফোনটোৰ ব্যৱহাৰ সীমিত কৰক৷ গাড়ীৰ ভিতৰত ৰেডিয়েশ্বনৰ মাত্ৰা অধিক বৃদ্ধি পায়৷ সময়মতে সাৰ পাবলৈ ম’বাইল ফোনত ‘এলাৰ্ম’ দিয়াটো বন্ধ কৰক৷ ইয়াৰ বাবে ঘড়ীত ‘এলাৰ্ম’ দিয়ক৷

[৪] আন্ধাৰত ম’বাইল ফোনৰ স্ক্ৰীনৰ পোহৰে যে অকল চকুৰ ক্ষতি কৰে তেনে নহয়, ই টোপনিৰ বাবে প্ৰয়োজনীয় হৰমনৰ নিঃসৰণত বাধা জন্মায়৷ সেয়ে আন্ধাৰত ম’বাইল ফোনৰ ব্যৱহাৰ বন্ধ কৰক৷ ৰাতি শোৱাৰ দুঘণ্টা পূৰ্বে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক৷

[৫] স্মাৰ্টফোনৰ বিভিন্ন ছাৰ্ভিচ যেনে– ওৱাইফাই, ব্লু-টুথ, জি পি এছ, ইণ্টাৰনেট সংযোগ আদিৰ প্ৰয়োজন শেষ হ’লে অফ কৰি থওক৷ এইবোৰৰ পৰা নিৰ্গত হোৱা ৰেডিয়েশ্বন শৰীৰৰ দীৰ্ঘম্যাদী ক্ষতিৰ কাৰণ হ’ব পাৰে৷

[৬] শোৱনি কোঠাত ওৱাইফাই ৰাউটাৰ নাৰাখিব৷ ৰাতি ওৱাইফাই ৰাউটাৰ বন্ধ কৰি ৰাখক৷ ফোনটো শিশুৰ পৰা আঁতৰত ৰাখক৷ ম’বাইল ফোনৰ টাৱাৰ থকা ঠাইৰ পৰা যিমান পৰা যায় আঁতৰত ঘৰ লওক৷

[৭] নিজৰ ঘৰত ভুলতো ম’বাইল ফোনৰ টাৱাৰ বহুৱাবলৈ নিদিব৷ ইয়াৰ বাবে আপোনাৰ আৰ্থিক ক্ষতি হ’লেও পৰিয়াল আৰু প্ৰতিৱেশীৰ স্বাস্থ্য ৰক্ষা হ’ব৷

Exit mobile version