Site icon Guwahati Times

হাতৰ এইবোৰ লক্ষণে হৃদৰোগৰ আগজাননী দিয়ে

skincare. close up view of woman hand moisturising them with cream. skincare.

সাম্প্ৰতিক সময়ত যিকোনো বয়সৰ লোক হৃদৰোগৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়৷ ব্যস্ত জীৱনযাত্ৰাত অনিয়মীয়া খাদ্যাভাস, টোপনিৰ অভাৱ, মানসিক অৱসাদ তথা কামৰ হেঁচাৰ বাবে বিভিন্নজন লোক হৃদৰোগত আক্ৰান্ত হয়৷ হৃদৰোগত আক্ৰান্ত হ’লে সাধাৰণতে শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱা অথবা বুকুত বিষ অনুভৱ হয়৷ বিশেষকৈ যিসকলে ইতিমধ্যে উচ্ছ ৰক্তচাপ, ডায়েবেটিছ নাইবা কলেষ্টেৰ’লৰ সমস্যাত ভুগি আছে, তেওঁলোকে এই ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হোৱা উচিত৷ কোনো এজন লোকৰ হৃদযন্ত্ৰ কিমান সুস্থ হৈ আছে বা লোকজনৰ হৃদৰোগৰ সমস্যা আছে নেকি সেয়া তেওঁৰ হাতৰ পৰাও জানিব পৰা যায়৷ উল্লেখ কৰা হ’ল হাতৰ পৰা কেনেদৰে হৃদযন্ত্ৰ সুস্থ নে অসুস্থ সেই বিষয়ে জানিব পাৰি–

[১] হাতৰ তলুৱা যদি বিবৰ্ণ হয় বা বাদামী বৰণৰ হয় অথবা ৰঙচুৱা হয় তেন্তে সেয়া হৃদৰোগৰ লক্ষণ বুলি ধাৰণা কৰিব পাৰি৷ যেতিয়া হৃদযন্ত্ৰ বা হৃদযন্ত্ৰৰ কাষৰ ৰক্তনলীসমূহবেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া হাতৰ বৰণ ওপৰত উল্লেখ কৰা ধৰণৰ হয়৷ এনেকুৱা হ’লে চিকিৎসকৰ কাষ চাপক৷

[২] যদি আপোনাৰ হাতৰ নখৰ আগত পাতল ৰঙা নাইবা বেগুণীয়া ৰঙৰ সূক্ষ্মৰেখাই দেখা দিয়ে তেন্তে সেয়া হৃদৰোগৰ লক্ষণ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক এছপ্লিণ্টাৰ হেম’ৰজেছ বুলি কোৱা হয়৷ অকল নখৰ আগত দাগেই নহয় ইয়াৰ সমান্তৰালকৈ মাজে মাজে যদি জ্বৰ অনুভৱ হয় তেন্তে আপুনি নিশ্চিতভাৱেই চিকিৎসকৰ কাষ চপাটো জৰুৰী৷ কিয়নো এই লক্ষণ হৃদৰোগৰ৷

[৩] বহু সময়ত কোনো কাৰণ অবিহনে আঙুলিৰ গুৰি ফুলিবলৈ লয়৷ এনেকুৱা হ’লে অৱহেলা নকৰিব৷ ই হৃদৰোগৰ লক্ষণ হ’ব পাৰে৷ হৃদযন্ত্ৰৰ সমস্যা থাকিলে নখ বৃদ্ধি নহয়৷ এনেক্ষেত্ৰত বুঢ়া আঙুলি বা তৰ্জনী আঙুলিৰ গুৰি ফুলিবলৈ ধৰে৷

Exit mobile version