Site icon Guwahati Times

তিয়ঁহৰ বাকলি লাভালাভ; জানো আহক লাভালাভবোৰ কি কি

Woman Hands Peeling Cucumber for Making Fresh Mediterranean Salad

তিয়ঁহৰ লগতে ইয়াৰ বাকলিও যথেষ্ট উপকাৰী। তিয়ঁহৰ বাকলিত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনৰ গুণাগুণ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই বহুপ্ৰকাৰৰ সমস্যা আঁতৰ কৰাতো লাভজনক। তিয়ঁহৰ বাকলিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু ওজন হ্ৰাস কৰাতো সহায়ক হয়। গতিকে জানো আহক তিয়ঁহৰ বাকলিৰ লাভালাভবোৰ কি কি। তিয়ঁহ কিমান উপকাৰী সেয়া হয়তো সকলোৱে জানে। ৮৫% পানীৰে পৰিপূৰ্ণ তিয়ঁহে শৰীৰত পানীৰ অভাৱ আঁতৰ কৰে। শৰীৰত ভিটামিন শূন্যতা দূৰ কৰাৰ ক্ষেত্ৰতো এই পাছলিৰ ভূমিকা যথেষ্ট ।

তিয়ঁহৰ বাকলিৰ লাভালাভবোৰ কি কি?

১. পাচন তন্ত্ৰ শক্তিশালী কৰাত তিয়ঁহৰ বাকলি যথেষ্ট উপকাৰী। কাৰণ তিয়ঁহৰ বাকলিত প্ৰচুৰ পৰিমানত ফাইবাৰ পোৱা যায়, যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰাত সহায়ক। গতিকে তিয়ঁহৰ বাকলি খোৱাটোৱে আপোনাৰ পেটৰ বিভিন্ন সমস্যা নাইকিয়া হ’ব পাৰে।

২. ওজন হ্ৰাস কৰাত তিয়ঁহৰ বাকলি যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। সাধাৰণতে তিয়ঁহ ওজন হ্ৰাস কৰাত ব্যৱহাৰ কৰা হয় কিন্তু ইয়াক বাকলিৰে খালে আৰু অধিক লাভৱান হ’ব।

৩. তিয়ঁহৰ বাকলি চকুৰ বাবে অতি উপকাৰী। কিয়নো বিটা-কেৰোটিনৰ গুণাগুণ তিয়ঁহৰ বাকলিত পোৱা যায়। ইয়াৰ লগতে, ইয়াত ভিটামিন এ ও পোৱা যায়। এই সকলোবোৰ উপাদানে একেলগে চকু স্বাস্থ্যকৰ কৰাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

৪. তিয়ঁহৰ বাকলি ছালৰ বাবে অতি উপকাৰী। তিয়ঁহৰ বাকলিয়ে ছালখন হাইড্ৰেটেড কৰি ৰাখে আৰু লগতে মেলানিনৰ উৎপাদন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিয়ে টেনিং আঁতৰ কৰে আৰু ছালো কোমল কৰে।

৫. ভিটামিন কে তিয়ঁহৰ বাকলিত প্ৰচুৰ পৰিমাণে পোৱা যায়। যি শৰীৰত প্ৰ’টিনৰ স্তৰ বৃদ্ধি কৰে আৰু ৰক্ত সঞ্চালনো ভাল কৰে। এনে পৰিস্থিতিত, দৈনিক তিয়ঁহৰ বাকলি খোৱাৰ ফলত তেজ গোট মৰাৰ দৰে সমস্যা নহয়।

৬. যদি আপোনাৰ মুখত শালমইনা আছে, তেন্তে তিয়ঁহৰ বাকলিৰে এই সমস্যা আঁতৰি কৰিব পাৰে। ই ছালখন চাফা আৰু উজ্জ্বল কৰি ৰাখে।

৭. তিয়ঁহৰ বাকলি খোৱাটো হাড়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। কিয়নো মেগনেছিয়াম, ভিটামিন কেৰ দৰে উপাদান তিয়ঁহৰ বাকলিত পোৱা যায়, যি হাড় শক্তিশালী কৰাত সহায় কৰে।

৮. বহুতো অধ্যয়ন অনুসৰি, তিয়ঁহৰ বাকলিৰ আৰু তিয়ঁহৰ এনে গুণাগুণ থাকে যি আপোনাৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত উপকাৰী।

৯. তিয়ঁহ বাকলি নুগুচোৱাকৈ খালে ক্ল’ৰিণ, ছালফাৰ, মেগনেছিয়াম, ছিলিকন আদি উপাদান পোৱা যায়।

১০. নিতৌ একোটাকৈ কুমলীয়া তিয়ঁহ বাকলিৰে সৈতে খালে বৃক্কত হোৱা পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই আহে।

১১. তাৰোপৰি বাকলিৰে সৈতে খোৱা তিয়ঁহে বাত বিষ আৰু ইউৰিক এচিড লাঘৱ কাৰক বুলিও কোৱা হয়। ইয়াত থকা কেৰ’টিনেয়ড উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

১২. তিয়ঁহত আমাৰ শৰীৰৰ বাবে মূল্যবান খনিজ পোৱা যায় আৰু সেইবোৰ বাকলিৰ তলতে থাকে। সেয়ে টিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়। ইয়াৰ উপৰিও সকলো ধৰণৰ তৰকাৰীৰ লগত টিয়ঁহ যোগ দিলে খাদ্য গুণ বৃদ্ধি পায়।

১৩. পোক-পতংগই কামুৰিলে কামোৰা ঠাইত তিয়ঁহৰ বাকলিৰ প্ৰলেপ দিলে বিষ নাইকিয়া হয়।

গতিকে বাৰীতে হওক বা বজাৰতে হওক, সহজতে পোৱা তিয়ঁহ খাওক আৰু সুস্থ থাকক।

Exit mobile version