Site icon Guwahati Times

ভিটামিন তথা কেলচিয়ামৰ অভাৱত হোৱা ৰোগ-জ্যোতিস্মিতা গোস্বামী শৰ্মা

Spring salad with vegetables, chicken breast and edible flower for healthy dinner, selective focus

ভিটামিন হ’ল এক প্ৰকাৰৰ শক্তি সম্পন্ন জৈৱ ৰাসায়নিক যৌগ। মানৱ দেহত এই ভিটামিনৰ অভাৱ হ’লে বিভিন্ন ৰোগে দেখা দিয়ে।১৯১২ চনত পোলেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব প্ৰথম খাদ্যত থকা দ্ৰব্য বোৰক ভিটামিন নাম দিছিল। এই ভিটামিন বোৰ ইংৰাজী বৰ্ণমালা A,C,D,E,K আৰু B কম্প্লেক্স নামে জনাজাত । এই ভিটামিন বোৰৰ অভাৱ হ’লে কি কি ৰোগ হয় জানো চোন আহক। মানুহৰ শৰীৰত ” A” ভিটামিন অৰ অভাৱ হ’লে দৃষ্টি শক্তি কমে , চকুত চানি পৰে,ছাল ৰুক্ষ হয় । ভিটামিন “B1″ৰ অভাৱত পাচন তন্ত্ৰ, স্নায়ু তন্ত্ৰ, হৃদ যন্ত্ৰ দুৰ্বল হয়।” B2″ ৰ অভাৱত মুখত ঘা হয়, চকু ৰঙা পৰি জ্বলা পোৰা কৰে, ছালৰ মাজত ছাল চিগে, অকালতে চুলি সৰে । ভিটামিন” B4″ৰ অভাৱত যকৃত ৰ ৰোগ হয়।” B6″ৰ অভাৱত চৰ্ম ৰোগ , ক্ৰোধ প্ৰৱণতা, অনিদ্ৰা, ৰক্ত শূণ্যতা আদি হয়। ভিটামিন” B12″ ৰ অভাৱত দেহত অৱশ ভাৱ, মুখত ঘাঁ, পেটৰ বেমাৰ,হাত ভৰি জ্বলা পোৰা, মূৰৰ বিষ, হতাশা, স্বাভাৱিক পুষ্টি আৰু বৃদ্ধিত বাধা হয়। “C “ৰ অভাৱত দাঁত আৰু হাড় গঠনত বাধা জন্মে, হাত ভৰি সন্ধিত বিষ হয়, মাংস পেশী বিষ হয়, সহজে ঘাঁ নুসুকায়।”E”ভিটামিনৰ অভাৱত চুলি সৰে, অকালতে চুলি পকে, ওঁঠ ফাটে।”D” ৰ অভাৱত দাঁত আৰু হাড় গঠনত বাধা জন্মে।”K” ভিটামিনৰ অভাৱত যকৃতৰ ক্ৰিয়া অস্বাভাৱিক হয়। আনহাতে, কেলছিয়াম ৰ অভাৱ হ’লে ক্লান্তি, ভৰিৰ অসাৰতা, আঙুলিৰ জিনজিন, স্মৃতি শক্তি দুৰ্বল, বুকুৰ বিষ, দাঁত ক্ষয়, আলু দুৰ্বল, দুৰ্বল নখ, উচ্চ ৰক্তচাপৰ সম্ভাৱনা,দিপ্ৰেচন আদি হয়। ১৯ ৰ পৰা ৬৪ বছৰ বয়সৰ এজন ব্যক্তিৰ বাবে ৭০০এম. জি. কেলছিয়ামৰ প্ৰয়োজন হয়। শৰীৰে দাঁত আৰু হাড়ক শক্তিশালী কৰাত কেলচিয়াম ব্যৱহাৰ কৰে। শৰীৰৰ ৯৯ শতাংশ কেলচিয়ম দাঁত আৰু হাড় সমূহত থাকে যি কংকাল গঠন আৰু কাৰ্য কাৰিতা সমূহক সহায় কৰে। ১শতাংশ কেলচিয়াম পেশী সংকোচন, ধমনী সংকোচন আৰু প্ৰসাৰণ আৰু স্নায়ু তন্ত্ৰৰ মাধ্যমেৰে শৰীৰৰ অংগ সমূহলৈ বাৰ্তা পঠায়। নিৰামিষ হাৰী লোকৰ কেলচিয়ামৰ অভাৱ হয়। এই ভিটামিন তথা কেলচিয়াম সমূহ ডাইল, শাক পাচলি, ফল মূল , গাখীৰ, মাছ মাংস, তেলযুক্ত আহাৰ, ডিম, দৈ আদিত পোৱা যায়।আমি পৰ্য্যাপ্ত পৰিমাণৰ ভিটামিন আৰু কেলচিয়াম যুক্ত আহাৰ গ্ৰহণ কৰিলে ৰোগ মুক্ত হোৱাৰ লগতে এক সুস্থ সবল শৰীৰৰ অধিকাৰী হ’বলৈ সক্ষম হ’ম ।

Exit mobile version