Site icon Guwahati Times

ভিটামিন ‘ডি’ৰ অভাৱ হ’লে এইবোৰ লক্ষণে দেখা দিয়ে

An elderly retired Asian man with white hair and beard, He falls while using walking cane stick while walk in the park.

সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন৷ তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’৷ এইবিধ ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন ‘ডি’ শৰীৰৰ বাবে অতি অপৰিহাৰ্য৷ ভিটামিন ‘ডি’য়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ আনকি হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা বিকাশক সহজ কৰি তোলে ভিটামিন ‘ডি’য়ে৷

বিশ্বজুৰি বিভিন্ন মহামাৰী সংক্ৰান্তীয় গৱেষণাতো প্ৰমাণিত হৈছে যে ভিটামিন ‘ডি’য়ে হাড় শক্তিশালী কৰি ৰাখে, ছালৰ বিভিন্ন ৰোগ আনকি কেন্সাৰৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ তদুপৰি শৰীৰৰ পেশীসমূহ শক্তিশালী কৰি ৰাখে ভিটামিন ‘ডি’য়ে৷ প্ৰাচীন কালত শৰীৰৰ দুৰ্বল পেশী সবল কৰিবলৈ সূৰ্যালোকৰ পৰশ লোৱাৰ প্ৰথা আছিল৷ সূৰ্যৰ পোহৰ বা ৰ’দে দেহত ভিটামিন ‘ডি’ৰ সৰবৰাহ কৰে৷

দেহত ভিটামিন ‘ডি’ৰ অভাৱে দেখা দিলে দৈনিক ১০-১৫ মিনিট সময় ৰ’দৰ সংস্পৰ্শত থকা উচিত৷

⬛ হঠাতে চুলি পকিবলৈ ধৰিলে বুজিব যে আপোনাৰ ভিটামিন ‘ডি’ৰ পৰিমাণ কমি আহিছে৷

⬛ যিসকল মহিলা ভিটামিন ‘ডি’ৰ অভাৱত ভোগে তেওঁলোকৰ সন্তান ধাৰণৰ সম্ভাৱনা কমি আহে৷

⬛ সঘনাই অসুস্থ হোৱাটোও ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ৷ কিয়নো ভিটামিন ‘ডি’য়ে যিকোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণত বাধা দিয়ে৷ গতিকে সঘনাই দুৰ্বল বা অসুস্থ অনুভৱ কৰিলে বুজিব যে আপোনাৰ দেহত ভিটামিন ‘ডি’ৰ পৰিমাণ কমি আহিছে৷

⬛ হাড় আৰু পেশীত বিষ বা দুৰ্বল অনুভৱ কৰিলে ই ভিটামিন ‘ডি’ৰ অভাৱ লক্ষণ৷ অস্থিসন্ধি আৰু দীৰ্ঘসময় পিঠিত বিষ অনুভৱ কৰিলেও ই ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ হ’ব পাৰে৷

⬛ দেহত ভিটামিন ‘ডি’ৰ মাত্ৰা কমিলে মানসিক চাপ আৰু উদ্বেগ আৰম্ভ হয়৷ ফলত সঘনাই খং উঠে৷ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পাছতো যদি বিশ্ৰাম ল’বলৈ গৈ ক্লান্তি অনুভৱ কৰে তেন্তে সেয়াও ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ৷

⬛ স্থূল ব্যক্তিসকলৰ ভিটামিন ‘ডি’ৰ অভাৱ হোৱাৰ আশংকা বেছি৷ কিয়নো মেদবহুলতাৰ বাবে এনে ব্যক্তিৰ দেহত থকা কোষসমূহে ভিটামিন ‘ডি’ নিঃসৰণত বাধাৰ সৃষ্টি কৰে৷

Exit mobile version