Site icon Guwahati Times

শ্রীৰামপুৰত জব্দ লাখ টকাৰ কোৰিয়ান চিগাৰেট..

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ মঙলবাৰৰ নিশা শ্রীৰামপুৰত আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত বুজন পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰিছে আৰক্ষীয়ে।

এখন কণ্টেইনাৰৰ ট্রাকৰ পৰা জব্দ কৰা হয় কোৰিয়ান চিগাৰেটখিনি। জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্রায় ৩০ লাখ টকা। ঘটনা সন্দৰ্ভত কণ্টেইনাৰৰ ট্রাকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুই চালকক।

উল্লেখ্য ধৃত চালককেইজন ৰাজস্থানৰ জগেন্দ্র যোগী আৰু বাবলু যোগী বুলি চিনাক্ত কৰিছে। ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে চালক কেইজনৰ জেৰা অব্যাহত ৰাখিছে।

Exit mobile version