Site icon Guwahati Times

প্লাষ্টিকৰ বটলত পানী খায় নেকি? যদি খায় তেন্তে সাৱধান…

Little girl is taking a big gulp of water from a bottle during athletics club.

‘পানীয়েই প্ৰাণীৰ প্ৰাণ’ এই কথাষাৰী আমি সকলোৱে জানো কিন্তু জানেনে এই পানীয়ে আপোনাৰ বাবে কেতিয়াবা আপোনাৰ মাৰত্মক ৰোগৰ কাৰণ হ’ব পাৰে। এই কথাটো সঁচা যে সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়।

কিন্তু আপুনি এই কথাটো জানিব লাগে যে পানী কেনেদৰে ব্যৱহাৰ কৰি আছে। কিছুমান লোকে প্লাষ্টিকৰ বটলত পানী জমা কৰি ফ্ৰীজত ৰাখি থয় আৰু সেই বটলৰ পৰা পানী খায়। কিন্তু আপুনি জানেনে যে প্লাষ্টিকৰ বটলৰ পৰা পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি গণ্য কৰা হয়।

আহক জানো প্লাষ্টিকৰ বটলত (Plastic Bottles)পানী খালে কি কি ৰোগ হ’ব পাৰে?-

১. প্ৰায় লোকেই প্লাষ্টিকৰ বটলত পানী লৈ অফিচলৈ হওক বা ফুৰিবলৈ হওক বা অন্য কোনো কাৰণতে হওক ওলাই যায়। কিন্তু যেতিয়া ই প্ৰত্যক্ষভাৱে ৰ’দৰ সংস্পৰ্শত গৰম হয়, তেতিয়া ডাইঅক্সিন নামৰ এবিধ বিষাক্ত পদাৰ্থ নিৰ্গত হয়, যি খালে স্তন কেঞ্চাৰ হোৱাৰ আশংকা থাকে।

২. প্লাষ্টিকৰ বটলত পানী খোৱাটো সকলোৰে কাৰণে ক্ষতিকাৰক যদিও মহিলাৰ বাবে ই একেবাৰেই অনুপযুক্ত বুলি গণ্য কৰা হয়। বাইফেনাইল ই হৈছে ইষ্ট্ৰজেন-এবিধ ৰাসায়নিক পদাৰ্থ, যিয়ে কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে ডায়েবেটিছ, মেদবহুলতা, প্ৰজনন ক্ষমতাৰ সমস্যা আদি।

৩. প্লাষ্টিকৰ বটলত পানী পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাত যথেষ্ট প্ৰভাৱ পৰে। প্লাষ্টিকৰ বটলৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়।

৪. প্লাষ্টিকৰ বটলৰ পৰা পানী সেৱনৰ ফলত যকৃত, কৰ্কট ৰোগ আদিৰ দৰে ভয়াৱহ ৰোগ হোৱাৰ আশংকা বহু পৰিমাণে থাকে।

গতিকে যিমান সম্ভৱ প্লাষ্টিকৰ বটলেৰে পানী খোৱাৰ পৰা আঁতৰি থাকক।

Exit mobile version