Site icon Guwahati Times

এই ৰহস্য জানিলে আপুনিও নিশ্চয় আচৰিত হব

Jewelry is worn over the henna covered hands and feet of an Indian woman.

সচৰাচৰ আমি দেখিবলৈ পাওঁ যে ভিন ভিন লোকৰ ভৰিৰ আঙুলিবোৰ ভিন ভিন ৰূপত থাকে। কিছুমান লোকৰ ভৰিৰ আঙুলীবোৰ সমান আৰু কিছুমানৰ বেঁকা হয়।

কিছুমানৰ আঙুলিবোৰ বুঢ়া আঙুলিতকৈ সৰু থাকে আৰু কেতিয়াবা বুঢ়া আঙুলিৰ সমানেই হয়। এই আঙুলিবোৰ বুঢ়া আঙুলিতকৈ সৰু ডাঙৰ হোৱাৰ বেলেগ বেলেগ মহত্ব আছে। শাস্ত্ৰৰ মতে আমাৰ দেহৰ অংগবোৰে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহুত কথা কয়।

আমি ব্যক্তি এজনৰ অংগবোৰ দেখিও তেওঁৰ ব্যক্তিত্বৰ বিষয়ে ভালকৈ কব পাৰো। ব্যক্তি এজনৰ স্বভাৱ চৰিত্ৰ কেনে হব এইবোৰ জানিব পাৰি। ব্যক্তি এজনৰ অংগবোৰ দেখি তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জানিব পৰা বিধিক সামুদ্ৰিক শাস্ত্ৰ ৰূপে জনা যায়। সামুদ্ৰিক শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰাৰ পাছত এজন ব্যক্তিৰ ব্যক্তিত্ব তথা হস্যৰ বিষয়ে জানিব পাৰি। তাৰ লগতে ব্যক্তিজনৰ আচাৰ ব্যৱহাৰ, কৰ্মক্ষেত্ৰৰ বিষয়ে সহজেই জানিব পাৰি।

যিবোৰ ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো দীঘল হয় তথা তাৰ কাষৰ আঙুলি বোৰ চুটি হয় তেনে ব্যক্তি যৌৱন ৰূপতে থাকে তথা তেওঁলোক অলপ উৎপতিয়া হয়। আৰু তেওঁলোকে কিবা কৰি দেখুৱাৰ সাহস কৰে। এনে ব্যক্তিয়ে যিকোনো কাম কৰিবলৈ সম্পূৰ্ণ মনোবল আৰু সাহস প্রয়োগ কৰে তথা শক্তি প্ৰদৰ্শন কৰে।

যিবোৰ ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো বুঢ়া আঙুলিতকৈ চুটি হয় তেনেবোৰ ব্যক্তি সদায় সুখত থাকে নতুবা সুখী হোৱাৰ প্ৰয়াস কৰে। আৰু যিসকলৰ এই আঙুলিটো দীঘল তেওঁলোক মানসিক ভাৱে সুস্থ হয় কিন্তু এনে ব্যক্তি শাৰীৰিক ভাবে দুৰ্বল হব পাৰে। এনে ব্যক্তিয়ে যিকোনো কাম ভাবি চিন্তি আৰু সযতনে কৰে।

যদি বুঢ়া আঙুলিৰ সমানেই বাকী দুটা আঙুলিও হয় আৰু বাকীবোৰ আঙুলি তাতকৈ চুটি হলে তেনে ব্যক্তি সমাজত নিজৰ কষ্টৰ বাবে পৰিচিত। এনে ব্যক্তি বহুত সাধাৰণ ধৰণৰ হয়। বেলেগৰ লগত কাজিয়া কৰাৰ পৰা তেনে ব্যক্তি আঁতৰত থাকে।

যিসকল ব্যক্তিৰ ভৰিৰ আঙুলিবোৰ বুঢ়া আঙুলিতকৈ চুটি আৰু একাদিক্ৰমে থাকে তেনে ব্যক্তিয়ে সদায় নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব বিচাৰে। তেওঁলোকে সদায় নিজৰ অধিকাৰৰ বিষয়ে কথা কয়। তেওঁলোকে ভাবে যে যি তেওঁ কৰিছে আৰু যি ভাবিছে সেয়াই শুদ্ধ আৰু ভাল আৰু বাকীবোৰ মানুহেও তেওঁক তেনেদৰে স্বীকাৰ কৰাটো বিচাৰে। যদি সমাজ তথা ঘৰৰ কোনো সদস্যই তেনে ব্যক্তিৰ ইচ্ছাক বিৰোধ কৰে তেতিয়া তেওঁলোকৰ বহুত খং উঠে। কিন্তু তেওঁলোকে এই খং বাহিৰত কাকো দেখুৱাই নিদিয়ে। যদি খং দেখুৱাইও তেতিয়া কাৰো সন্মুখত খং নকৰে।

( উৎস – ইণ্টাৰনেট )

Exit mobile version