Site icon Guwahati Times

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব?

সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং কৰা, অসৎ আচৰণ কৰা ইত্যাদি লক্ষণসমূহ দেখিলেই পিতৃ-মাতৃ সন্তানৰ প্ৰতি সতৰ্ক হোৱাটো ভাল৷

আপোনাৰ সন্তানক আপুনি সন্তুষ্ট কৰিব পাৰিছেনে? সন্তানৰ আব্দাৰ আপুনি পূৰণ কৰাত সমৰ্থ হৈছেনে বা সন্তানৰ আশা পূৰণ কৰাত আপুনি কিমান সফল? ইয়াৰ উত্তৰ যদি নেতিবাচক হয় তেন্তে আপুনি শীঘ্ৰে সতৰ্ক হোৱাটো ভাল৷
মাজে মাজে দেখা যায় আপুনি ঘৰত বহি আপোনাৰ অফিচৰ কাম-কাজ কৰি আছে, কিন্তু আপোনাৰ সন্তানে কাম কৰাত ব্যাঘাত জন্মাইছে৷ এইক্ষেত্ৰত আপুনি সন্তানক বুজাওক যে আপুনি এজন কতৃৰ্ত্বশীল ব্যক্তি৷ আপোনাৰ ওপৰত অফিচে কিছু কতৃৰ্ত্ব দিছে৷ সেয়ে এনে কাম কৰাৰ মুহূৰ্তত বাধা প্ৰয়োগ কৰিব নালাগে৷
আপোনাৰ সন্তানে যদি খেলাৰ সময়ত লগৰ লগৰীয়াৰ লগত হাই-কাজিয়া কৰিছে, তেতিয়া হ’লে বুজিব লাগিব আপুনি সমস্যাত পৰিছে৷ সন্তানটি আত্মকেন্দ্ৰিক হৈ পৰিছে৷ সি নিজকলৈয়ে ব্যস্ত৷ আপোনাৰ সন্তানৰ মানসিক পৰিৱৰ্তনৰ বাবে তাৰ সৈতে মিলামিছা কৰি ভাল কথা উপদেশ দিয়ক৷
আপুনি কোনো এটা কথাৰ কাৰণে সন্তানক অনুৰোধ কৰাৰ সত্ত্বেও সি কথা শুনা নাই৷ এনে হ’লে বুজিব লাগিব সন্তানটিয়ে প্ৰকাশ্যেই নিজৰ কথাতহে গুৰুত্ব দিছে৷ আনৰ কথা শুনাত তাৰ সময় নাই৷ এই কাৰ্য বন্ধ কৰাৰ বাবে আপুনি সতৰ্ক হোৱাটো প্ৰয়োজন৷
আপোনাৰ সন্তানে আপোনাৰ সৈতে প্ৰতাৰণা কৰিছে৷ তেনেক্ষেত্ৰত পিতৃ-মাতৃ হিচাপে আপোনাৰ দায়িত্ব হ’ল সন্তানটিক সঠিকভাৱে দায়িত্ব পালনৰ ক্ষেত্ৰত আগবঢ়াই নিয়া৷

Exit mobile version