Site icon Guwahati Times

বাস্তু অনুসৰি এই চাৰিবিধ সামগ্ৰী ঘৰত ৰাখক; পাব চমৎকাৰী ফলাফল

এখন ঘৰৰ নকৰাত্মক শক্তি আতঁৰোৱাৰ বাবে বহুতে বাস্তু-শাস্ত্ৰক বিশ্বাস কৰে৷ ইয়াৰ উপৰি সম্পদ আৰু সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই বিশেষভাৱে সহায় কৰে। কিন্তু বাস্তু শাস্ত্ৰৰ মতে, আমি ঘৰত সৌন্দৰ্য বৃদ্ধিৰ বাবে ৰখা কিছুমান বস্তুৱে আমাৰ জীৱন আৰু ভাগ্যক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। বিশেষকৈ ঘৰত কিছুমান মূৰ্তি ৰাখিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়৷ ৰূপৰ বা পিতলৰ মাছ বাস্তু শাস্ত্ৰত, মাছক সুখ, সমৃদ্ধি আৰু সম্পদৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰটোৰ পূব বা উত্তৰ-পূব দিশত পিতল বা ৰূপৰ মাছ থকাটো ভাল। এইটোৱে ঘৰটোলৈ সুখ কঢ়িয়াই অনাৰ লগতে সম্পদ বৃদ্ধি হয়। ধাতুৰ কাছ কাছক শুভতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ই ঘৰলৈ ইতিবাচক শক্তি প্ৰেৰণ কৰে। সুখ বৃদ্ধি কৰাৰ উপৰিও, স্বাস্থ্যও ভাল কৰি ৰাখে। ঘৰৰ উত্তৰ ফালে ধাতুৰ কাছ এটা থকাটো ভাল। ভাটৌ চৰাইৰ মূৰ্তি বাস্তু শাস্ত্ৰৰ মতে, ঘৰত এটা ভাটৌ চৰাই মূৰ্তি ৰাখিলে পৰিয়ালটোত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হয়। ইয়াৰ উপৰিও, সৌভাগ্যও বৃদ্ধি হয়। ইয়াক অধ্যয়ন কোঠাত ৰাখিলে অধ্যয়নত মনোযোগ বৃদ্ধি হয়। হাতীৰ মূৰ্তি বাস্তু শাস্ত্ৰত হাতীক গৌৰৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াক ঘৰত ৰখাটো অতি শুভ। ঘৰত ৰূপ বা পিতল ধাতুৰে নিৰ্মিত হাতীৰ মূৰ্তি এটা ৰাখিব লাগে। ইয়াৰ প্ৰভাৱে ঘৰৰ নাকাৰাত্মক শক্তি আঁতৰ কৰে আৰু সম্পদো বৃদ্ধি হয়।

Exit mobile version