Site icon Guwahati Times

দৈ আৰু কণী একেলগে কেতিয়াও নাখাব..

স্বাস্থ্যৰ বাবে কণী অত্যন্ত উপকাৰী যদিও কেতিয়াবা কণীৰ সৈতে আন কেইটামান খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদৰ কাৰণ হৈ উঠিব পাৰে৷ কৰ’নাকালীন সময়ছোৱাত পুষ্টিদায়ক খাদ্যৰ তালিকাত কণী প্ৰায় সকলোৰে বাবে অন্তৰ্ভুক্ত হোৱাৰ ফলত কণীৰ চাহিদা বৃদ্ধি পায়৷ শৰীৰত প্ৰ’টিনৰ বাবে পুৱাৰ আহাৰৰ সৈতে এটাকৈ কণী খোৱাটো বহু লোকৰে অভ্যাস৷ কিন্তু কণীৰ সৈতে কেইটিমান খাদ্য গ্ৰহণ কৰোতে সদায় সাৱধান হোৱা প্ৰয়োজন৷ কণীৰ সৈতে এনে ধৰণৰ কেইটামান বস্তু গ্ৰহণ কৰিলে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷

১/ সিজোৱা কণী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ বিশেষজ্ঞসকলৰ মতেও প্ৰতিদিনে এটাকৈ কণী খালে স্বাস্থ্যৰ বাবে উত্তম৷ কিন্তু সিজোৱা কণী খোৱাৰ পাছতে কেতিয়াও দৈ নাখাব৷ দৈ আৰু সিজোৱা কণী একেলগে খালে হজম কৰাত ব্যাঘাত হয়৷ দৈয়ে শৰীৰ ঠাণ্ডা কৰি ৰাখে৷ আনহাতে কণীয়ে শৰীৰ গৰম কৰি ৰাখে৷ সেইবাবে দৈ আৰু কণী একেলগে খোৱাটো শৰীৰৰ বাবে ভয়ংকৰ ক্ষতিকাৰক৷

২/ অনেকেই চালাডৰ সৈতে কণী মিহলাই খায়৷ তদুপৰি সেই চালাডাৰ ওপৰত নেমু ৰস চেপি দিয়ে৷ এয়াও শৰীৰৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক৷ কেতিয়াও কণীৰ সৈতে নেমু নাখাব৷ নেমুৰ সৈতে কণী একেলগে খালে ৰক্তনলী ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি হাৰ্টএটেক পৰ্যন্ত হ’ব পাৰে৷

৩/ একেদৰে পাওৰুটি কণী আৰু কল একেলগে খোৱা একেবাৰে উচিত নহয়৷ যদিও কল, কণী-পাওৰুটি আদিক পুৱাৰ আহাৰ হিচাপে গণ্য কৰা হয় কিন্তু কলৰ সৈতে কণী কেতিয়াও একেলগে খাব নালাগে৷

Exit mobile version