Site icon Guwahati Times

নেমু এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ…

প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায় । মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’ আৰু ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা ,কাৰ্বহাইড্ৰেট ,কেলচিয়াম , পটাছিয়াম , ক’পাৰ, থায়মিন, চাইট্ৰিক আৰু ফলিক এচিড আদিবোৰো নেমুত প্ৰচুৰ পৰিমাণে থাকে। নেমুত ১.০ শতাংশ প্র’টিন, ০.৩ শতাংশ খনিজ পদার্থ, ১১.১ শতাংশ কাৰ্ব’হাইড্রেট, ২.৩ শতাংশ আইৰন, ০.০৭ শতাংশ কেলচিয়াম তথা নিক’টিনিক এচিড, ৰিব’ফ্লভিন আদি খাদ্যগুণসমূহ অটুট আছে।

আহক জানি লওক নেমুৰ (Lemon) লাভালাভবোৰ কি কি?

১. শৰীৰৰ ওজন নিয়মীয়াতকৈ অধিক বাঢ়িলে সেই ওজন নিয়মীয়া কৰিবলৈ হ’লে নেমুৰ ৰসৰ ব্যৱহাৰৰ অতি উপকাৰী।

২. দাঁতৰ আলু উখহা, বিষ হোৱা আদি বেমাৰ নিৰাময়ৰ কাৰণে নেমুৰস উপকাৰী।

৩. তেজ পৰিস্কাৰ কৰি ৰখাত নেমুৰসে সহায় কৰে।

৪. চুলি নসৰা কৰিবলৈ নাইবা চুলি নতুনকৈ গজাবৰ বাবে নেমৰস চুলিৰ গুৰিত লগাব লাগে।

৫. ভৰিৰ গেৰোৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমুৰস লগাব লাগে।

৬. পেটৰ অসুখত ভুগিলে তৎক্ষণাৎ নিৰাময় কৰাৰ একমাত্র উপায় কেবল নেমুৰস।

৭. শৰীৰৰ ছালৰ বেমাৰ নহ’বৰ কাৰণে, ছালৰ মিহি আৰু মসৃণ হৈ থাকিবৰ বাবে নেমুৰস শ্রেয়।

৮. কাপোৰত মামৰৰ দাগ লাগিলে তাক গুচাবলৈ নেমু ৰস ব্যৱহাৰ কৰিলে দাগ নাইকিয়া হয়।

৯. উফি নাশ কৰিবলৈ একমাত্র উপায় হ’ল নেমুৰসৰ ব্যৱহাৰ।

১০. নেমুত থকা ভিটামিন চিয়ে দাঁতৰ ৰোগ প্ৰতিৰোধৰ ওপৰি সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট সহায় কৰে।

১১. বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়।

১২. পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

১৩. মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

১৪. চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

১৫. সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

১৬. ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

১৭. আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

১৮. জণ্ডিচ ৰোগত ভোগা লোকৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু উপকাৰী ফল।

১৯. জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।

২০. ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।

২১. নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা লোকৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।

২২. মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু অটল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।

২৩. দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

২৪. প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

২৫. একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।

২৬. গৰমৰ দিনত মানুহৰ দেহৰ পৰা ঘামৰ লগত অধিক পৰিমাণে খনিজ পদাৰ্থ বাহিৰ ওলাই যায়, তেতিয়া নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে।

২৭. নেমুৰ ৰসৰ লগত চেনি-নিমখ মিহলাই খোৱাৰ ফলত মানৱ দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাত বাধাৰ সৃষ্টি কৰে। বেছিকৈ ঘমা লোকে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়।

২৮. নেমুত থকা ভিটামিন চি আৰু পটেচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

২৯. নেমুৰ ৰসে দাঁতৰ বিষৰ, মুখৰ দুৰ্গন্ধ , দাঁতত দাগ পৰা আদিত উপকাৰী।

৩০. নেমু ৰস জণ্ডিচ ৰোগীৰ বাবে অতিকৈ উপকাৰী।

৩১. দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

৩২. নেমুত থকা চাইট্ৰিক এচিডে এই পাথৰ বিধ কিডনীত গঢ়লোৱাত বাধা দিয়ে।

৩৩. নেমুত আছে ভিটামিন C আৰু পটেচিয়াম , যিয়েই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধিত সহায় কৰে,

৩৪. নেমুৰ ৰসে শৰীৰত উপকাৰী কলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰাৰ বিপৰীতে অপকাৰী কলেষ্টেৰলৰ মাত্রা হ্ৰাস কৰে।

৩৫. নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা। ডিঙি, মুখৰ ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে।

৩৬. নেমুত থকা ভিটামিন C-এ মানসিক চাপ দূৰ কৰাৰ লগতে শৰীৰত শক্তি বৃদ্ধিত সহায় কৰে। কিডনীৰ পাথৰ বোৰৰ ভিতৰত কেলচিয়াম অক্সালেট অন্যতম আৰু নেমুত থকা চাইট্ৰিক এচিডে এই পাথৰ বিধ কিডনীত গঢ়লোৱাত বাধা দিয়ে ।

৩৭. নেমুৰ ৰসে লিভাৰ পৰিস্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে।

Exit mobile version