Site icon Guwahati Times

কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে নি ওৰে নিশা নিৰ্যাতন চলাইছিল।

এই সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰা ৬ দিন উকলি যোৱাৰ পিছতো ধৰ্ষণৰ অভিযোগত অভিযুক্ত সোনটি বৰাক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত হৈ মেৰাপানী আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় মহিলাসকলে। ইফালে ঘটনা সন্দৰ্ভত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই মেৰাপানী থানাত এক স্মাৰক প্ৰত্ৰ দিছিল যদিও মেৰাপানী আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম নোহোৱাত চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Exit mobile version