Site icon Guwahati Times

পেটৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ

আপুনিও সঘনাই পেটৰ বিষত ভুগিছে নেকি? পেটৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে। অনিয়মীয়া খাদ্য গ্রহণ, এচিডিটি, মহিলাৰ মাহেকীয়া পেটৰ বিষ, বদহজম আদি বিভিন্ন কাৰণত পেটৰ বিষ হ’ব পাৰে। পেটৰ বিষত আক্রান্ত হলে কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিও ইয়াৰ পৰা সকাহ পাব পাৰি। জানো আহক-

১/ মেথি গুটি: পেটৰ বিষত আক্রান্ত হলে মেথিগুটি অলপ ভাজি লৈ সেইখিনি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে খালে উপশম পাব পাৰি। কিন্তু মেথিগুটি আৰু পানী দি সিজাই লৈ কুহুমীয়া কৰি খালেও ভাল ফল পোৱা যায়।

২/ পদিনা: পদিনা পাত চোবাই অথবা একাপ গৰম পানীত চাৰিৰ পৰা পাঁচখিলা পাত দি অলপ সময় ৰাখি সেই পানী খালে পেট বিষত উপশম পাব পাৰি। অথবা ভাতৰ সৈতে চাটনি কৰি খালেও এচিডিটিৰ পৰা দূৰত থাকিব পাৰি।

৩/ এলোভেৰাৰ ৰস: এলোভেৰাৰ ৰস খালে গেছ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া আদিৰ পৰা হোৱা পেটৰ বিষত যথেষ্ট সকাহ পোৱা যায়। আধাকাপ এলোভেৰাৰ ৰসে নিয়মীয়াকৈ খালে পেটৰ জ্বলা-পোৰা, বিষ আদিৰ পৰা দূৰত ৰাখে।

৪/ নেমুৰ ৰস: পেটৰ যিকোনো ধৰণৰ অসুখত আক্রান্ত হ’লে কলা নিমখ সৈতে নেমু খাব লাগে। অত্যধিক খোৱা, তেলেতীয়া বা মছলাজাতীয় খাদ্য, অপৰিষ্কাৰ পানী, ফাষ্টফুড আদি খোৱাৰ পাছতে এটুকুৰা নেমু খাব লাগে।

আনহাতে গেছ, ষ্টোন, হার্নিয়া, এচিডিটি, মূত্রনালী আদিত হোৱা সংক্ৰমণৰ বাবেও পেটৰ বিষত আক্রান্ত হ’ব পাৰে। সেয়ে একেৰাহে কেইবাদিনো ধৰি পেটৰ বিষত আক্রান্ত হ’লে চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ ল’ব লাগে ।

Exit mobile version