Site icon Guwahati Times

ডাব নাৰিকলৰ উপকাৰী গুণসমূহৰ বিষয়ে জানো আহক

প্ৰতিদিনে এটাকৈ ডাব নাৰিকল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। এজন সুস্থ লোকে নিয়মিত নাৰিকল ,ডাবৰ পানী বা নাৰিকলৰ পৰা তৈয়াৰী যিকোনো খাদ্য খোৱাতো দেহৰ বাবে অত্যন্ত লাভজনক তথা বিভিন্ন ৰোগ প্ৰতিৰোধক। ই আপোনাৰ শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখে। ডাব খালে ছালৰ আৰ্দ্ৰতা ঘূৰি আহে।

যদি আপুনি প্ৰতিদিনে এটা ডাব খায়, ই আপোনাৰ পেট ঠাণ্ডা কৰি ৰাখে। বদহজম, পেটৰ সমস্যা আদি ভুগিবলগীয়া নহয়। নাৰিকল পানীত থকা চেনীত যথেষ্ট পৰিমাণে ইনুলিন থাকে, যি আহাৰৰ আঁহ হিচাপে কাম কৰে আৰু পাকস্থলী সুস্থ কৰি ৰাখে।

নিয়মীয়াকৈ নাৰিকলৰ পানী খালে মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে আৰু হজম আৰু বিপাক উন্নত কৰে। যাৰ ফলত দেহত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে। ডাব নাৰিকলে ডিটক্সিঙতো সহায় কৰে।

বৰ্তমান সময়ত এটা সাধাৰণ ৰোগ হৈছে কিডনীত ষ্টোণ। যদি আপোনাৰ কিডনীত ষ্টোণ থাকে, নাৰিকল পানীয়ে সেই সমস্যাটো সমাধান কৰিব পাৰে। নাৰিকলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাৰ বাবে সহায় কৰে। আনহাতে, নাৰিকল পানীত লাউৰিক এচিড থাকে, যি ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰাত সহায় কৰে।

Exit mobile version