Site icon Guwahati Times

এইসমূহ উপায় অৱলম্বন কৰক, আপোনাৰ সন্তানেও শুনিব আপোনাৰ সকলো কথা

পিতৃ-মাতৃৰ অত্যাধিক প্ৰেমৰ বাবে বহুসময়ত শিশু ইমাননেই বেয়া হৈ পৰে যে তেওঁলোকে একো কথাকে মানিব বা শুনিবলৈ নিবিচাৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ চিন্তা-ভাৱনা-কৰ্মতে সকলো সময়তে ব্যস্ত হৈ পৰে।যাৰ ফলত অভিভাৱকসকল অতিষ্ঠ হৈ পৰে। যদি আপোনাৰ সন্তানো এনে স্বভাৱৰ হয়, তেন্তে কেতবোৰ উপায় অৱলম্বন কৰি আপুনি আপোনাৰ সন্তানক চম্ভালিব পাৰে।আজি এই বিষয়ে জানো আহক-

নিয়ম

যদি আপুনি বিচাৰে যে শিশুৱে আপোনাৰ কথা শুনিব লাগে, প্ৰথমে তেওঁলোকৰ বাবে ঘৰত কিছুমান নিয়ম প্ৰস্তুত কৰক। তেওঁলোকক বুজাই দিয়ক যে এই নিয়মবোৰ অনুসৰণ কৰাটো কিমান গুৰুত্বপূৰ্ণ। কিন্তু মন কৰিব যে আপুনি আপোনাৰ সন্তানৰ বাবে বান্ধি দিয়া নিয়মবোৰ যাতে অত্যাধিক কঠোৰ নহয়।নিয়মবোৰ কঠোৰ হ’লে সন্তানে সেইবোৰ অনুসৰণ নকৰিব।

শান্ত কথা-বাৰ্তা

যদি আপুনি আপোনাৰ সন্তানক কিবা বুজাবলৈ বিচাৰে, তেন্তে তেওঁৰ ওপৰত খং কৰাৰ সলনি, শান্তভাৱে আৰু মৰমেৰে বুজাই দিব। শান্তভাৱে কথা পাতি আপুনি শিশুটোক যিকোনো বুজাব পাৰে। তদুপৰি, তেওঁলোকৰ ওপৰত একেবাৰে খং নকৰিব। যদি আপুনি আপোনাৰ শিশুটোৰ ওপৰত খং কৰে, তেওঁলোক আৰু অধিক জেদী হৈ পৰিব।

পুৰস্কাৰ দিব

যদি আপোনাৰ সন্তানে আপুনি কোৱা সকলো কথা আন্তৰিকতাৰে পালন কৰে, তেন্তে আপুনি উৎসাহিত কৰিবলৈ তেওঁলোকক পুৰস্কাৰ দিব। আপুনি তেওঁলোকৰ যিকোনো প্ৰিয় সামগ্ৰী তেওঁলোকক উপহাৰ হিচাপে দিব পাৰে। আপোনাৰ এনে কৰ্মই তেওঁলোকক ভাল কাম কৰিবলৈ উৎসাহ দিব।

শক্তিশালী বন্ধোন

আপোনাৰ সন্তানৰ সৈতে আপোনাৰ সম্পৰ্ক কিমান শক্তিশালী, সেয়া আপোনাৰ সন্তানে আপোনাৰ কথা শুনিছে নে নাই তাৰ ওপৰতে নিৰ্ভৰ কৰে। শিশুসকল তেওঁলোকৰ পিতৃ-মাতৃৰ ওচৰত থাকে। এনে পৰিস্থিতিত যদি আপুনি বিচাৰে যে তেওঁ আপোনাৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিব যি কেতিয়াও ভাঙি নাযায়, তেনেহ’লে আপুনি তেওঁৰ বন্ধু হোৱা উচিত। এনে ধৰণৰ বন্ধন থাকিলে শিশুৱে আপুনি কোৱা সকলো কথা মানি চলিব।

সন্মান দিব

যদি আপুনি আপোনাৰ সন্তানে সন্মান কৰাটো বিচাৰে, তেন্তে আপুনি তেওঁলোকক নিজে সন্মান কৰিব লাগিব। তেওঁলোকৰ সৈতে মৰম আৰু সন্মানৰ সৈতে কথা পাতক। কিয়নো শিশুটোৱে তাৰ চাৰিওফালে যি দেখে সেয়া শিকে আৰু কৰে। আপুনি আপোনাৰ সন্তানক যি শিকাব বিচাৰে, প্ৰথমে ইয়াক নিজৰ ওপৰত চেষ্টা কৰক।

Exit mobile version