Site icon Guwahati Times

গেছ বাৰ্ণাৰ জাম পৰিস্কাৰ কৰিবলৈ বিশেষ ৩ টা পদ্ধতি

গেছ বাৰ্ণাৰ অথবা ষ্টোভ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ অবিহনে ৰন্ধা-বঢ়া কৰাটো কঠিন। ইয়াত সকলো ধৰণৰ খাদ্য ৰন্ধা হয়, কিন্তু যেতিয়া গাখীৰ আৰু তেলৰ ব্যৱহাৰৰ ফলত গেছ বাৰ্ণাৰৰ ছিদ্ৰবোৰ জাম হৈ যায়। ইয়াৰ ফলত, জুই ভালদৰে ওলাই আহিব নোৱাৰে, যাৰ বাবে খাদ্য ৰন্ধাত পলম হয় আৰু গেছৰ অপচয় হয়।

গেছ বাৰ্ণাৰ পৰিষ্কাৰ কৰা বিশেষ ৩ টা পদ্ধতি

~ বগা ভিনেগাৰ

বগা ভিনেগাৰৰ সহায়ত লেতেৰা হৈ পৰা বাৰ্ণাৰবোৰ সহজে পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে প্ৰায় একাপ ভিনেগাৰ লওঁক, ইয়াক এটা বাটিত ঢালি দিয়ক আৰু ইয়াত এক চামুচ বেকিং চডা মিহলি কৰক। এতিয়া ৰাতি গেছ বাৰ্ণাৰত মিশ্রণটো লগাই থওক। তাৰ পিছত পুৱা টুথব্ৰাছৰ সহায়ত সহজে পৰিষ্কাৰ কৰিব পাৰি।

~ বেকিং পাউডাৰ

গেছ বাৰ্ণাৰ জিলিকাই তুলিবলৈ বেকিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। ই বাৰ্ণাৰটো পৰিষ্কাৰ কৰাটো অতি সহজ কৰি তোলে। ইয়াৰ বাবে, এটা সৰু বাটিত গৰম পানী লওঁক। ইয়াত এটা নেমু চেপি দিয়ক, তাৰ পিছত একৰ পৰা দুই চামুচ বেকিং পাউডাৰ আৰু অলপ তৰল ডিটাৰ্জেণ্ট যোগ দিয়ক। এতিয়া গেছ বাৰ্ণাৰটো প্ৰায় ২০ মিনিটৰ বাবে এই পানীত ভিজাই ৰাখক আৰু তাৰ পিছত টুথব্ৰাছৰ সহায়ত ইয়াক পৰিষ্কাৰ কৰক।

~ নেমু আৰু নিমখ

গেছ বাৰ্ণাৰবোৰ বেছিভাগ পিতলৰ হয় যাক নেমু আৰু নিমখৰ সহায়ত উজ্জ্বল কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে নেমুটো আধাকৈ কাটি পানীৰে উতলাওক। এতিয়া বাৰ্ণাৰ কেইবা ঘণ্টাৰ বাবে সেই পানীখিনিত ডুবাই ৰাখিব। এতিয়া সেই নেমুৰ বাকলিত নিমখ লগাই গেছ বাৰ্ণাৰটো পৰিষ্কাৰ কৰক। এই পদ্ধতিটো অতি কাৰ্যকৰী হিচাপে প্ৰমাণিত হ’ব পাৰে।

Exit mobile version