Site icon Guwahati Times

৪৮ ঘণ্টাৰ ব্যৱধানত যৌন সম্পৰ্ক কৰিলে ই হৈ উঠে আটাইতকৈ আনন্দদায়ক: দাবী বিশেষজ্ঞৰ

যৌন জীৱনত সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ প্ৰতি দুদিনৰ মূৰে মূৰে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গৱেষকসকলে পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলৰ মতে, যৌন সম্পৰ্কৰ সন্তুষ্টি আৰু উত্তেজনা কমেও ৪৮ ঘণ্টালৈকে থাকে। আকৌ শাৰীৰিক সংগমে বিবাহত অতিৰিক্ত মধুৰতা অনাই নহয়, বৰং প্ৰথম সম্পৰ্কত দেহ আৰু মনৰ মাজত মিলন ঘটে।

শেহতীয়াকৈ ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ শৰীৰবিজ্ঞান বিভাগৰ গৱেষক আন্দ্ৰেয়া মল্টজাৰে এই বিষয়ত গৱেষণাৰ বাবে ২১৪ গৰাকী নৱবিবাহিতৰ ওপৰত এক সমীক্ষা চলাইছে। আন্দ্ৰেয়াই ২১৪টা দম্পতীক দুসপ্তাহৰ বাবে যৌন জীৱনৰ ডায়েৰী ৰেকৰ্ড কৰিবলৈ কয়। নৱবিবাহিতসকলৰ সমীক্ষাৰ প্ৰতিবেদনে তেওঁৰ গৱেষণা আৰু অধিক সমৃদ্ধ কৰি তুলিছিল। ডায়েৰীখনত দম্পতীহালে লগ পোৱা দিনবোৰ, সন্তুষ্ট হৈছিল নে নাই, কিমান সন্তুষ্ট হৈছিল, এই সম্পৰ্কই তেওঁলোকৰ বিবাহক কিমান শক্তিশালী কৰিছিল, আৰু অন্যান্য ব্যক্তিগত তথ্য লিখি থৈছে।

গৱেষকসকলে জানিব পাৰিছে যে বৈজ্ঞানিক বিশ্লেষণৰ দ্বাৰা নৱবিবাহিতসকলৰ অধিকাংশই দাবী কৰে যে ১৪ দিনত মাত্ৰ চাৰিবাৰহে যৌন সম্পৰ্ক স্থাপন কৰি সৰ্বাধিক সন্তুষ্টি লাভ কৰে। কেৱল এবাৰ নহয়, ছমাহৰ পাছতো এই সমীক্ষা চলোৱা হৈছিল। ছমাহৰ পাছত পুনৰ গৱেষকসকলে তেওঁলোকৰ বেড ৰুমৰ খবৰ শুনিবলৈ লৈছে। সেইবাবেই সকলোৱে একমত যে ৪৮ ঘণ্টাৰ ব্যৱধানত যৌন সম্পৰ্কত সৰ্বোচ্চ সন্তুষ্টি লাভ কৰিব পৰা যায়। এই সন্তুষ্টি আটাইতকৈ বেছি দিন স্থায়ী হয় বুলিও তেওঁলোকে কয়। বয়স, লিংগ, উচ্চতা, ব্যক্তিত্ব, সম্পৰ্কৰ সময়সীমা এই অধ্যয়নত গুৰুত্বপূৰ্ণ।

Exit mobile version