Site icon Guwahati Times

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

Top back view portrait of sleepy woman lying on stomach wearing pants singlet tired after hard day

পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷ আন কোনোৱে শুই উঠিয়েই মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়৷
বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়, আন বহুতেই আকৌ গৰমপানী নহ’লে গা নোধোৱে৷ কিন্তু পুৱাৰ এনে কিছুমান অভ্যাস আছে যিবোৰ অভ্যাসে আপোনাৰ অজানিতে দেহৰ ক্ষতি কৰে৷ উল্লেখ কৰা হ’ল এনে কেইটামান অভ্যাস–
– পুৱা শুই উঠি গা নোধোৱাকৈ বাহিৰলৈ ওলাই যোৱাটো উচিত নহয়৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞৰ মতে পুৱা শুই উঠি গা ধুলে মস্তিষ্ক অধিক সক্ৰিয় হয়৷ ফলত দিনটোৰ কাম কৰাত সহজ হৈ পৰে৷
– বহুতে পুৱাই গৰমপানীৰে গা ধুই উঠিহে দিনটোৰ কাম-কাজ আৰম্ভ কৰে৷ কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ কিয়নো গৰমপানীয়ে ছালৰ শুষ্কতা বৃদ্ধি কৰে৷ আনহাতে ঠাণ্ডা পানীৰে গা ধুলে মস্তিষ্কৰ কাৰ্যকলাপ উন্নত হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷
– আজিকালি ছ’চিয়েল মিডিয়াত প্ৰায়ভাগ লোকেই সক্ৰিয় হৈ থাকে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে শুই উঠিয়েই মোবাইল ফোনটো হাতত লোৱাটো শৰীৰ আৰু চকুৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ তদুপৰি পুৱাই ছ’চিয়েল মিডিয়াত সক্ৰিয় হ’লে দিনটোৰ অন্যান্য কামসমূহৰ প্ৰতি মনোযোগ কমি আহে৷
– বহুতেই পুৱাই প্ৰক্ৰিয়াজাত খাদ্য গ্ৰহণ কৰে৷ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ কিয়নো এনে খাদ্যত প্ৰচুৰ পৰিমাণে চেনি থাকে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ এটা সময়ত প্ৰক্ৰিয়াজাত খাদ্য খোৱাৰ অভ্যাসে শৰীৰটোক গুৰুতৰ সমস্যাত পেলোৱাৰ আশংকা থাকে৷
– যিকোনো খাদ্য গ্ৰহণৰ পাছত ভুলতো দাঁত ব্ৰাছ নকৰিব৷ কিয়নো খাদ্য গ্ৰহণৰ পাছত দাঁতৰ এনামেল দুৰ্বল হৈ পৰে৷ বিশেষকৈ ফলমূল, ছাইট্ৰাছ বা ছ’ডা পান কৰিলে দাঁতৰ এনামেল অধিক দুৰ্বল হয়৷ এনে ক্ষেত্ৰত খাদ্য গ্ৰহণৰ পাছত দাঁত ব্ৰাছ নকৰি কুলি কুলি কৰি দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যৰ অৱশিষ্টসমূহ আঁতৰোৱাৰ চেষ্টা কৰক৷ যিকোনো খাদ্য খোৱাৰ অন্ততঃ আধাঘণ্টা পাছতহে দাঁত ব্ৰাছ কৰাটো উচিত৷

Exit mobile version