Site icon Guwahati Times

চিৰাঙত ১০৫ জাঁই সক্ৰিয় গুলী, হাতী দাঁতৰ সৈতে এজনক গ্ৰেপ্তাৰ

চিৰাঙত আৰক্ষী আৰু এছ এছ বি বাহিনীৰ যুটীয়া অভিযানত ১০৫ জাঁই সক্ৰিয় গুলী আৰু এটা হাতী দাঁতৰ সৈতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত কালি সন্ধিয়া চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথৰ নেতৃত্বত চিদলী আৰক্ষী আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি চিদলী শিবিৰৰ জোৱানৰ সহযোগত বাসুগাঁও থানাৰ অন্তৰ্গত দুলিগাঁওত এক যৌথ তালাচী অভিযান চোলোৱা হৈছিল।

উক্ত তালাচী অভিযানত এ কে চিৰিজৰ সক্ৰিয় গুলী ঌ৫ জাঁই, ৰাইফলৰ গুলী ঌ জাঁই, ৭.৬৫ মিলিমিটাৰৰ সক্ৰিয় গুলী ১ জাঁই আৰু ৭০০ গ্ৰাম ওজনৰ হাতী দাঁত এটাৰ সৈতে এন ডি এফ বিৰ (ৰঞ্জন দৈমাৰী গোট) সদস্য জনেন নাৰ্জাৰী ওৰফে জেব্ৰাক আটক। অভিযানকাৰী দলৰ নেতৃত্ব বহন কৰা চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বাসুগাঁও থানাত দাখিল কৰা এজাহাৰ মৰ্মে বাসুগাঁও থানাত ০৫/২০২১ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ২৫( ১-বি) অস্ত্ৰ আইন, আৰ/ডব্লিউ ধাৰা ৫১ বন্য জীৱ সুৰক্ষা আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version