Site icon Guwahati Times

গুৱাহাটীলৈ নাহিব:গুৱাহাটীত এতিয়া কৰ’নাৰ মৃত্যুঘণ্টা

গুৱাহাটী: গুৱাহাটীলৈ নাহিব।আপোনাৰ সপোন নগৰী গুৱাহাটী এতিয়া আপোনাৰ বাবে সুৰক্ষিত হৈ থকা নাই।

সপোন নগৰী গুৱাহাটীত এতিয়া কৰ’নাৰ মৃত্যুঘণ্টা বাজিছে।এতিয়া গুৱাহাটীবাসী নিজেই নিৰাপদ নহয়।

ভয়াবহ গতিত বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমনৰ বাবে এতিয়া গুৱাহাটীত আপোনজনো হৈ পৰিছে পৰ।কাকো কোনেও বিশ্বাসত ল’ব নোৱাৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে,গুৱাহাটীত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ।এতিয়া গুৱাহাটীত গণ সংক্ৰমণ হৈছে।

গুৱাহাটী এতিয়া নিৰাপদ হৈ থকা নাই।এই সময়ত যদি গুৱাহাটীৰ মানুহ সজাগ নহয়, তেন্তে পৰিস্থিতি ভয়াৱহ হ’ব।

গুৱাহাটীবাসীয়ে এতিয়া ঘৰৰ পৰা ওলাব নালাগে।

গুৱাহাটীবাসীয়ে নিজক ৰক্ষা কৰিবলৈ লকডাউন মানিবই লাগিব।

গুৱাহাটী মহানগৰীত পুনৰ লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে এই সিদ্ধান্ত আজি দুপৰীয়াহে জানিব পৰা যাব।

আজি দুপৰীয়া সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰিব।

Exit mobile version