Site icon Guwahati Times

৪০ বছৰৰ পিছত মহিলাৰ ওজন বৃদ্ধি হোৱাৰ কাৰণ আৰু সুস্থহৈ থাকিবলৈ কৰিব লগা কামবোৰ

বয়স বৃদ্ধি হোৱাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত বহুতো পৰিৱৰ্তন হয়। বিশেষকৈ ৪০ বছৰীয়া হ’লে মানুহৰ জীৱনত বহুতো পৰিৱৰ্তনে দেখা দিয়ে। বিশেষকৈ মহিলাসকলৰ ৪০ বছৰৰ পিছত শৰীৰৰ ওজন বাঢ়িব ধৰে। যদিও বেছিভাগ লোকে নিয়মীয়া ব্যায়াম কৰা অব্যাহত ৰাখে তথাপিও আহাৰৰ প্ৰতি বিশেষ যতন লোৱাটো অতি গুৰুত্বপূৰ্ণ।

৪০ বছৰ পিছত মহিলাসকলৰ আকাৰ সলনি হয়। লগতে জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস হয়। ইয়াৰ লগতে মধুমেহৰ দৰে গুৰুতৰ ৰোগত আক্রান্ত হোৱাৰ আকাংক্ষা বৃদ্ধি হয়। সেয়েহে ৪০ বছৰৰ পিছত মহিলাসকলৰ ফিট হৈ থাকিবলৈ নিয়মীয়া শাৰীৰিক কাৰ্যকলাপৰ সৈতে স্বাস্থ্যকৰ আহাৰ খোৱাটো অত্যাৱশ্যকীয়।

৪০ বছৰতকৈ অধিক বয়সৰ মহিলাৰ ওজন বৃদ্ধি হোৱাৰ এটা মুখ্য কাৰণ হ’ল জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস হোৱা। কিয়নো, তেওঁলোকে ৪০ বয়সৰ পিছত আগৰ দৰে কেলৰি দহন কৰিব নোৱাৰে। আনকি ব্যায়াম কৰা মহিলাসকলেও ৪০ বছৰৰ পিছত ওজন বৃদ্ধি অনুভৱ কৰিবলৈ লয়। লগতে জীৱনৰ প্ৰতি দশকত বি এম আৰ (বেচল মেটাবলিক হাৰ) ৬ শতাংশ হ্ৰাস পায়।

৪০ বছৰ বয়সৰ পিছত মহিলাসকলে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিব লগা পদক্ষেপসমূহঃ

~ বাদাম, কাঠবাদাম, আখৰোট, ৰঙালাওৰ গুটি আৰু সূৰ্যমুখী ফুলৰ বীজ খাব

~ প্ৰ’টিনযুক্ত আহাৰ খোৱা বৃদ্ধি কৰক

~ অধিক ব্যায়াম কৰক

~ নিজৰ আহাৰত দিনত এবাৰ বা দুবাৰ আঁহযুক্ত খাদ্য যোগ দিয়ক

~ শৰীৰৰ অভাৱৰ ওপৰত আধাৰিত কৰি নিৰ্দিষ্ট পৰিপূৰক গ্ৰহণ কৰক

~ ঘৰত, সম্পূৰ্ণ শস্যযুক্ত আহাৰ যেনে; দাইল, ৰাজমাহৰ লগতে সতেজ ফল আৰু সতেজ পাচলি খাব

~ দৈনিক কমেও আঠ ঘণ্টা টোপনি মাৰিব

~ নিজৰ আহাৰৰ প্ৰতি সতৰ্ক হ’ব

Exit mobile version