Site icon Guwahati Times

ভগৱান গণেশৰ বিবাহ কেনেদৰে হৈছিল জানো আহক

এসময়ত গণেশৰ পৰশুৰাম সৈতে যুদ্ধ হৈছিল,সেই যুদ্ধত পৰশুৰামৰ কুঠাৰেৰে গণেশৰ দাঁত এটা ভাঙিছিল সেইবাবে ভগৱান গণেশক এক দন্ত বুলি কোৱা হয়।
ভগৱান গণেশৰ মূৰটো হাতীৰ আৰু এটা দাঁত ভঙা বাবে কোনো কন্যাই গণেশৰ লগত বিবাহত বহিবলৈ অমান্য হৈছিল।সেইবাবে গণেশ ভগৱানৰ বৰ চিন্তা হৈছিল আৰু আন দেৱতাৰ বিবাহ দেখি-বৰ দুখ কৰিছিল।
তেনেতে এদিন দুখ মনেৰে চিন্তা কৰি থাকোতে ভাৱিলে মোৰ বিয়া নহয় যদি মই আন কাৰো দেৱতাৰ বিবাহ হব নিদো।যেতিয়া আন দেৱতাৰ বিবাহ হয় বিবাহ স্থলীলৈ ভগৱান গণেশ আৰু তেওঁৰ বাহন মোচক (নিগনি) যায় আৰু বিবাহ খন নহবলৈ ভগৱান গণেশৰ সহায়ত মোচকে উৎপাত কৰে। যেনে বিবাহৰ যগ্যত পানী ধালে. কলপুলি উঘালে।ভগৱান গণেশৰ এনেবোৰ উৎপাত সহিব নোৱাৰি দেৱতা গণ মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ ওচৰলৈ গৈ.সকলো কথ বৰ্ণনা কৰে।
তেতিয়া মহাদেৱ আৰু মাতা পাৰ্ৱতীয়ে কয়,এই সমস্যাৰ সমাধান আমাৰ লগত নাই আছে মাথো ব্ৰহ্মাৰ ওচৰতহে।মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ কথা শুনি দেৱতাগণ ব্ৰহ্মাৰ ওচৰলৈ আহে।তেতিয়া ব্ৰহ্মা ধ্যান মগ্নত আছিল,দেৱতাগণক যোৱা দেখি গম পায় ব্ৰহ্মাই ব্ৰহ্মাৰে মানস পুত্রী ৰিদ্ধি আৰু সিদ্ধিক মাতি আনি ভগৱান গণেশৰ ওচৰলৈ লৈ গল।আৰু ভগৱান গণেশক কলে যে তুমি ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিব লাগে।ভগৱান গণেশও ব্ৰহ্মাৰ কথা মানি ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিবলৈ ললে।
যেতিয়াই ভগৱান গণেশৰ বাহন মোচকে কোনো দেৱতাৰ বিয়াৰ খবৰ আনে তেতিয়া ৰিদ্ধি আৰু সিদ্ধিয়ে বুদ্ধি কৰি কোনো কথাৰ প্ৰসংগ ওলিয়াই গণেশক সেই কথাতে ব্যস্ত্য কৰি ৰাখে।এনেদৰে বহু দিন গল,বহুত দিন যোৱা পাচত এদিন কথাবোৰ মোচকে আৰু ভগৱান গণেশে গম পালে।কথাখিনি গণেশে গম পাওঁতে সেই ঠাইত ব্ৰহ্মা প্ৰকট হৈ সকলো কথা কলে।ৰিদ্ধি আৰু সিদ্ধি তেওঁৰে মানস পুত্রী,তুমি ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰাবানে? তেতিয়া ব্ৰহ্মাৰ কথাত ভগৱান গণেশ মান্তি হৈ ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰালে।

Exit mobile version