Site icon Guwahati Times

নগাঁৱৰ পুৰুষোত্তম আঞ্চলিকৰ ২৮ আৰু ২৯ মে’ত মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত অহা ২৮ আৰু ২৯মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজ জাগীয়াল বুঢ়া নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে । উদ্যোক্তাসকলে যুগুতাই উলিওৱা কাৰ্যসূচী অনুসৰি ২৮ মে’ত পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণ,নাম প্ৰসংগৰ পাছতে সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । সাহিত্য প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ চিত্ৰাংকন,নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰচনা,কুইজ,শিশুৰ বাবে প্ৰাৰ্থনা,যুৱক-যুৱতী আৰু আইমাতৃৰ বাবে শৰণ,ভজন,দুলড়ী আৰু লেচাৰী তথা আঞ্চলিক ভিত্তিত দিহানাম প্ৰতিযোগিতা অন্তৰ্ভূক্ত কৰা হৈছে । ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে মাধৱদেৱৰ গুৰুসেৱা । প্ৰতিযোগিতাখনি উদ্বোধন কৰিব পুৰুষোত্তম আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই । সন্ধ্যা বন্তি প্ৰজ্বলন আৰু ভাগৱত পাঠ কৰা হ’ব । ২৯মে’ত পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰিব পুৰুষোত্তম আঞ্চলিক শাখাৰ সভাপতি যোগেন চন্দ্ৰ বৰাই । ইয়াৰ পাছতে যোগেন চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাখনিত মুখ্য অতিথিৰূপে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বৃন্দাবন বৰা আৰু নিৰ্দিষ্ট বক্তাৰূপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা উপস্থিত থাকিব । সভাত সংঘৰ কেইবাগৰাকী জিলা পৰ্যায়ৰ বিষয়ববীয়াইও অংশগ্ৰহণ কৰিব । সন্ধ্যা ধৰ্মধ্বজা অৱতৰণ আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা ,নগাঁও

Exit mobile version