মাদ্রাছা টেট উত্তীর্ণই নাপায় শিক্ষকৰ চাকৰি

0 min read

ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ প্রশ্ণোত্তৰকালত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে, সেয়েহে পূর্বৰ মাদ্রাছা টেট উত্তীর্ণ প্রার্থীসকল এই বিদ্যালয়ৰ শিক্ষক পদৰ বাবে যোগ্য নহ’ব৷ উল্লেখ্য যে মাদ্রাছাৰ বাবে পূর্বে অনুষ্ঠিত হৈছিল বিশেষ টেট৷ সেই অনুসৰি মাদ্রাছা টেট উত্তীর্ণসকলক সাধাৰণ টেটৰ সৈতে চামিল কৰাৰ দাবী উত্থাপন হৈ আছিল৷

শিক্ষা বিভাগে প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ বিলুপ্ত কৰি ইয়াক সাধাৰণ বিদ্যালয়ৰ সৈতে চালি কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণসকলে মূল টেটৰ প্রার্থীৰ লগত চামিল কৰাৰ দাবী তোলে৷ আজি শিক্ষামন্ত্রীয়ে কয় যে মাদ্রাছা টেট আৰু সাধাৰণ টেটৰ যথেষ্ট পার্থক্য আছে৷ সাধাৰণ টেট ১৫০ নম্বৰৰ হোৱাৰ বিপৰীতে মাদ্রাছা টেটত বহু বিষয় সন্নিৱিষ্ট নোহোৱাকৈ ১০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয়৷ গতিকে কোনো কাৰণতে মাদ্রাছা টেটক সাধাৰণ টেটৰ সৈতে ৰিজাব পৰা নাযায়৷ সেয়েহে মাদ্রাছা টেট উত্তীর্ণ সাধাৰণ বিষয়ৰ প্রার্থীসকলক শিক্ষকৰ চাকৰিত মকৰল কৰা নহ’ব৷

ইফালে, বিধায়ক আশ্রাফুল হুছেইনৰ আন এক প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে প্রাদেশিকীকৰণ আইনৰ অধীনত সংগীত, সংস্কৃত, হিন্দী, আৰবীকে ধৰি সকলো শিক্ষকৰ পদ চলিত বর্ষৰ এক জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ প্রাদেশিকীকৰণ কৰা হৈছে৷ তদুপৰি আৰবী বিষয়ৰ সহঃ স্নাতক শিক্ষকক স্নাতক শিক্ষক হিচাপে আৰু স্নাতক ডিগ্রী নথকা শিক্ষকক প্রাক্স্নাতক শিক্ষক হিচাপে প্রাদেশিকীকৰণ কৰা হৈছে৷ শিক্ষামন্ত্রীগৰাকীয়ে আজি ইয়াকো জানিবলৈ দিয়ে যে নতুন শিক্ষা নীতি অনুসৰি মাতৃভাষা মাধ্যমত প্রাক্প্রাথমিকৰ পৰা উচ্চ পর্যায়লৈ পাঠদান কৰাৰ পর্যালোচনা চলি আছে৷ অসমৰ শিশুসকলে যাতে তেওঁলোকৰ মাতৃভাষাতে শিক্ষা আৰম্ভ কৰিব পাৰে তাৰ বাবে বিভিন্ন ভাষিক গোষ্ঠীৰ লগত আলোচনা কৰি এক বিজ্ঞানসন্মত পৰিকল্পনা প্রস্তুত কৰি প্রাক্প্রাথমিক পর্যায়ৰ পৰা আগবঢ়াই লৈ যোৱা হ’ব৷

You May Also Like

More From Author