Site icon Guwahati Times

মহেশ ভাটৰ ছত্ৰ-ছায়াত চলে ড্ৰাগছ, নাৰী সৰবৰাহ, এই মন্তব্য অভিনেত্ৰীৰ

এতিয়াও বিতৰ্কই পিছ এৰা নাই মহেশ ভাটৰ।সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে মহেশ ভাটৰ নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ অভিযোগ কৰিছে মহেশ ভাটৰ আত্মীয় তথা অভিনেত্ৰী লভিনা লোধ।মহেশ ভাট ইণ্ডাষ্টিৰ ডন বুলি মন্তব্য কৰিছে।তেওঁৰ তত্তাৱধানতেই চলে মাদক দ্ৰব্য তথা মহিলাৰ সমষ্ট কাৰবাৰ।ভিডিঅ’ৰ মাধ্যমেৰে এই অভিযোগ লভিনা লোধৰ।

শুকুৰবাৰে এভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰিছে।অভিনেত্ৰীগৰাকীয়ে সেই ভিডিঅ’টো পৰিয়ালৰ নিৰাপত্তাৰ খাতিৰত নিৰ্মাণ কৰিছে বুলি প্ৰকাশ কৰে।মহেশ ভাটৰ ভাগিনৰ সুমিত সবৰৱালৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।

তাৰ পাছতেই তেওঁ বিবাহ বিচ্ছেদ বিচাৰে।এই ভিডিঅ’টোত মহেশ ভাটে তেওঁক অশান্তিৰ লগতে ধমক দিয়াৰো অভিযোগ কৰিছে।তাৰোপৰি তেওঁৰ স্বামীয়ে ড্ৰাগছ তথা নাৰী ব্যৱসায় কৰে সেই বিষয়য়েও জানে মহেশ ভাটে।

অভিনেত্ৰী গৰাকীয়ে লগতে কয় যে মোৰ নাইবা মোৰ পৰিয়ালৰ যদি কিবা হয় তেন্তে বাবে দোষী কেৱল মহেশ ভাট,মুকেশ ভাট,সুমিত সবৰৱাল, সাহিল সেহগল, কুমকুম সেহগল হব।

Exit mobile version