Site icon Guwahati Times

মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যু ছাত্ৰৰ, আহত ১

মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ছাত্ৰৰ। মাজুলীৰ অতিৰিক্ত উপায়ুক্তই গৰমূৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। অতিৰিক্ত উপায়ুক্তৰ বাহনখনে মহতিয়াই নিয়ে দুজন ছাত্ৰ।

ফলত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে মলয় নাথ নামৰ দশম মানৰ ছাত্ৰজন গুৰুতৰভাৱে আহত হয়। দুয়োগৰাকী ছাত্ৰ বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল।

দুৰ্ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ উঠে। উল্লেখ্য যে গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল। ৰাইজে ইতিমধ্যে ঘেৰাও কৰি ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু আৰক্ষীৰ লোকসকলক।

Exit mobile version